আন্তঃৰাষ্ট্ৰীয়আফগানিস্তানআমেৰিকাবিশ্ব

আমেৰিকাৰ হাতত নিধন শীৰ্ষ সন্ত্ৰাসবাদী

চি আই এৰ ড্ৰোণ আক্ৰমণত নিধন অল-কায়দাৰ শীৰ্ষ নেতা আইমান অল-জৱাহৰি

আমেৰিকাৰ চোৰাংচোৱা বাহিনী চিআইএৰ হাতত নিধন হৈছে সন্ত্ৰাসবাদী নেতা আইমান অল-জৱাহৰি। বাহিনীটোৰ ড্ৰোণ আক্ৰমণত জৱাহৰি নিহত হোৱাৰ তথ্য প্ৰকাশ কৰিছে হোৱাইট হাউচে।

আমেৰিকাৰ চোৰাংচোৱা বাহিনীটোৱে আফগানিস্থানত সংঘটিত কৰিছিল গোপনীয় এই আক্ৰমণ।হোৱাইট হাউচে প্ৰকাশ কৰা তথ্য অনুসৰি এই আক্ৰমণৰ লক্ষ্য আছিল বিশ্বত্ৰাস অল-কায়দাৰ শীৰ্ষ নেতাগৰাকী। অৱশ্যে এই আক্ৰমণত কোনো অসামৰিক লোক নিহত হোৱা নাই।

উল্লেখ্য যে, ইয়াৰ পূৰ্বেই আইছিছৰ শীৰ্ষ নেতা বাগদাদিকো হত্যা কৰিছিল আমেৰিকাৰ সেনাই। সেই আক্ৰমণৰ ধৰণো একেই আছিল এই আক্ৰমণৰ সৈতে। ইৰাকৰ বাগদাদ বিমানবন্দৰত আমেৰিকাৰ সেনাই কৰা ড্ৰোণ আক্ৰমণত নিহত হৈছিল বাগদাদি।

আমেৰিকাৰ ৯/১১ আক্ৰমণৰ সৈতে জড়িত আছিল অল-কায়দাৰ শীৰ্ষ নেতা জৱাহৰি। আমেৰিকাৰ সেনাই আফগানিস্থানৰ পৰা প্ৰত্যাৱৰ্তণ কৰা ১১ মাহত পিছত পুনৰবাৰ এইদৰে এক সফল গোপনীয় আক্ৰমণ সংঘটিত কৰে।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

12 + five =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.