অপৰাধঅসম

দশমীৰ দিনাই অঘটন! মহানগৰত চিপ লোৱা অৱস্থাত উদ্ধাৰ যুৱকৰ মৃতদেহ…

অতি অমায়িক প্ৰকৃতিৰ ৰাজৰ শৰীৰত সুস্পষ্ট আঘাতৰ চিন। দীৰ্ঘদিন ধৰি ৰং কৰা মিস্ত্ৰী হিচাপে কৰ্মৰত আছিল মৃত ৰাজ বৰদলৈ।

দুৰ্গা পূজাৰ ধামখুমীয়াৰ মাজতে গুৱাহাটী মহানগৰত সংঘটিত হৈছে এক চাঞ্চল্যকৰ ঘটনা। শুকুৰবাৰে পুৱা মহানগৰৰ পাটৰকুছিত উদ্ধাৰ কৰা হয় এটা মৃতদেহ।

দশমীৰ দিনাই পুৱাৰ ভাগত ৰচীৰে ওলোমাই থোৱা অৱস্থাত উদ্ধাৰ কৰা হয় মৃতদেহটো। উদ্ধাৰ কৰা মৃতদেহটো ৰাজ বৰদলৈ ওৰফে টনীৰ বুলি জানিব পৰা গৈছে। উল্লেখ্য যে, দীৰ্ঘদিন ধৰি ৰং কৰা মিস্ত্ৰী হিচাপে কৰ্মৰত আছিল মৃত ৰাজ বৰদলৈ।

অতি অমায়িক প্ৰকৃতিৰ ৰাজৰ শৰীৰত সুস্পষ্ট আঘাতৰ চিন। অৱশ্যে যুৱকজনৰ এয়া হত্যা নে আত্মহত্যা সেয়া এতিয়াও পোহৰলৈ অহা নাই। পিছে ঘটনা সন্দৰ্ভত বশিষ্ঠ আৰক্ষীয়ে আৰম্ভ কৰিছে তদন্ত। আৰক্ষীৰ তদন্ততহে পৰৱৰ্তী সময়ত ফাদিল হ’ব ৰহস্য।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

three × 4 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.