এক ভয়ংকৰ ঘটনাই জোকাৰিছে সমগ্ৰ দেশ। বিজয়া দশমীৰ দিনাই চত্তীশগড়ত সংঘটিত হৈছে এই শিহৰণকাৰী ঘটনা। শুকুৰবাৰে, চত্তীশগড়ৰৰ যশপুৰ জিলাত বিজয়া দশমীৰ প্ৰতিমা বিসৰ্জন দিবলৈ যোৱাৰ সময়ত সংঘটিত হয় এক দুৰ্ঘটনা।
দুৰ্গা দেৱীৰ প্ৰতিমা বিসৰ্জনৰ সময়ত পথত শোভাযাত্ৰা কৰি যোৱা ভক্তক মহতিয়াই নিয়ে এখন দ্ৰুতবেগী বাহনে। শুকুৰবাৰে হোৱা এই দুৰ্ঘটনাত এজন লোক থিতাতে নিহত হয়। আনহাতে, ১৬জন লোকক ইতিমধ্যে হাস্পতালত ভৰ্তি কৰোৱা হৈছে।
ঘটনা সংঘটিত কৰা মধ্যপ্ৰদেশৰ বাবলু বিশ্বকৰ্মা আৰু শিশুপাল চাহুক ইতিমধ্যে গ্ৰেপ্তাৰ কৰিছে যশপুৰ আৰক্ষীয়ে। ঘটনা সন্দৰ্ভত ইতিমধ্যে আৰক্ষীয়ে আৰম্ভ কৰিছে তদন্ত।
ঘটনা সন্দৰ্ভত চত্তীশগড়ৰ মুখ্যমন্ত্ৰী ভূপেশ বাঘেলে শোক প্ৰকাশ কৰিছে। লগতে ঘটনাৰ উচিত তদন্তৰ দাবী জনায় মুখ্যমন্ত্ৰীগৰাকীয়ে।
जशपुर की घटना बहुत दुखद और हृदयविदारक है।
दोषियों को तुरंत गिरफ्तार कर लिया गया है। प्रथमदृष्टया दोषी दिख रहे पुलिस अधिकारियों पर भी कार्रवाई हुई है।
जांच के आदेश दिए गए हैं। कोई भी बख्शा नहीं जाएगा।
सबके साथ न्याय होगा।
ईश्वर दिवंगतजनों की आत्मा को शांति दे।
— Bhupesh Baghel (@bhupeshbaghel) October 15, 2021
উল্লেখ্য যে, কিছুদিন পূৰ্বে মধ্যপ্ৰদেশত SUV বাহনে প্ৰতিবাদী কৃষকক মহতিয়াই নিয়া ঘটনাৰ পিছত এয়া হৈছে ভাৰতত সংঘটিত হোৱা দ্বিতীয়টো ঘটনা।