অপৰাধআফগানিস্তান

আফগানিস্তানত তালিবানৰ বোমা বিস্ফোৰণ

আঘাতপ্ৰাপ্ত শিশু

দেওবাৰে তালিবানে আফগানিস্তানৰ জালালাবাদত বোমা বিস্ফোৰণ কৰে। আঘাতপ্ৰাপ্ত হয় শিশুসহ দুজন।

আফগানিস্তানৰ জালালাবাদত দেওবাৰে তালিবান সন্ত্ৰাসবাদীসকলে ব্যাৱহাৰ কৰি থকা এখন বাহনলৈ লক্ষ্য কৰি বোমা বিস্ফোৰণ সংঘটিত কৰে। এইটো তালিবানৰ দ্বিতীয় বোমা বিস্ফোৰণ।

বোমা বিস্ফোৰণটোত ফলত এগৰাকী শিশুকে ধৰি অন্য দুগৰাকী লোক গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয়।

তালিবানে আফগানিস্তানৰ ক্ষমতা দখল কৰাৰ পাছতে দেশখনত ধাৰাবাহিকভাৱে বোমা বিস্ফোৰণ সংঘটিত হৈ আহিছে।

শনিবাৰেও জালালাবাদত তিনিটাকৈ বোমা বিস্ফোৰণ সংঘটিত হৈছিল আৰু উক্ত বোমা বিস্ফোৰণৰ ফলত তিনিজন লোকৰ মৃত্যু হোৱাৰ বিপৰীতে ২০ গৰাকী লোক আঘাতপ্ৰাপ্ত হৈছিল।

জালালাবাদৰ পূৰ্বেও দেশখনৰ ৰাজধানী কাবুলত বোমা বিস্ফোৰণ সংঘটিত হৈছিল।

 

Pratham Khabar News

প্ৰথম খবৰ 24/7 হৈছে অসমীয়া ছেটেলাইট নিউজ চেনেল 'নিউজ টাইম অসম'ৰ ৱেব চাইট। যি আপোনাক স্থানীয় আৰু লগতে দেশ-বিদেশৰ শেহতীয়া খবৰ দি থাকে।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

two × one =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.