nationalভাৰত

গংগাৰ বুকুত প্ৰধানমন্ত্ৰী মোদীৰ নৌকা বিহাৰ

প্ৰধানমন্ত্ৰী মোদীয়ে নাৱৰীয়াসকলৰ সৈতেও মত-বিনিময় কৰা দেখা যায়। প্ৰধানমন্ত্ৰী মোদীয়ে গৌৰাংগ বিশ্বাসৰ নাৱত উঠি গংগাৰ নৈসৰ্গিক সৌন্দৰ্য উপভোগ কৰে। সমগ্ৰ দৃশ্য নিজৰ কেমেৰাত বন্দীও কৰে প্ৰধানমন্ত্ৰীয়ে।

নিৰ্বাচনী প্ৰচাৰৰ অভিনৱ কৌশল প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ। হঠাৎ কলকাতাত গংগাৰ বুকুত নৌকা বিহাৰ প্ৰধানমন্ত্ৰী মোদীৰ। শুকুৰবাৰে পুৱাই প্ৰাতঃভ্ৰমণৰ অংশ হিচাপে কলকাতাত গংগাৰ বুকুত নৌকা বিহাৰ কৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। প্ৰধানমন্ত্ৰী মোদীৰ এই ভ্ৰমণ পূৰ্ব নিৰ্ধাৰিত নাছিল।

প্ৰধানমন্ত্ৰী মোদীয়ে নাৱৰীয়াসকলৰ সৈতেও মত বিনিময় কৰা দেখা যায়। প্ৰধানমন্ত্ৰী মোদীয়ে গৌৰাংগ বিশ্বাসৰ নাৱত উঠি গংগাৰ নৈসৰ্গিক সৌন্দৰ্য উপভোগ কৰে। সমগ্ৰ দৃশ্য নিজৰ কেমেৰাত বন্দীও কৰে প্ৰধানমন্ত্ৰীয়ে। নাওখনৰ গৰাকী ইফতিকাৰ আহমেদেও নাওখন ভাৰা লোৱাৰ কাৰণ পূৰ্বে জনা নাছিল। মাত্ৰ ৫ মিনিট আগেহে তেওঁৰ নাওখনৰ যাত্ৰী যে প্ৰধানমন্ত্ৰী হ’ব সেই কথা জানিব পাৰিছিল।

ইয়াৰ পূৰ্বে বৃহস্পতিবাৰে হাওৰা দলঙেৰেও পাৰ হৈছিল প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। নৌকা বিহাৰৰ একাধিক পোষ্ট দিয়ে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। প্ৰধানমন্ত্ৰীয়ে ভ্ৰমণ কৰা নাওখনৰ পিছফালে দেখা গৈছিল হাওৰা তথা বিদ্যাসাগৰ সেতু। নাওখনৰ পৰা হাওৰাৰ ফটোও তোলে প্ৰধানমন্ত্ৰীয়ে।

নাৱৰীয়া গৌৰাংগই প্ৰধানমন্ত্ৰী মোদীক যাত্ৰী হিচাপে পাই অভিভূত। মোদীয়ে কেমেৰা লৈ নাৱত উঠা বুলি কয় বিজেপিয়ে। মোদীয়ে নাৱত উঠিয়েই নদীৰ মাজলৈ নাওখন লৈ যাবলৈ কৈছিল। নাৱৰীয়াজনৰ নামো সোধা বুলি কয় গৌৰাংগই। উল্লেখ্য যে নাওখনৰ গৰাকী ইফতিকাৰৰ কেইবাখনো নাও আছে। প্ৰধানমন্ত্ৰী মোদীৰ নৌকা বিহাৰৰ বাবে ৭ খন নাও ভাৰাত লোৱা হৈছিল।

ছ’চিয়েল মিডিয়াত তেওঁ গংগাৰ প্ৰতি কৃতজ্ঞতা প্ৰকাশ কৰাৰ লগতে বংগৰ জনসাধাৰণৰ উন্নয়নৰ প্ৰতি নিজৰ অটল দায়বদ্ধতাক প্ৰতিপন্ন কৰে। মোদীয়ে বাৰাণসীৰ দৰেই বংগত এক পৰিৱৰ্তন আনিবলৈও নিজৰ সংকল্পৰ কথা পুনৰবাৰ উল্লেখ কৰে। তেওঁৰ এই ভ্ৰমণে কেৱল তেওঁৰ নিৰ্বাচনী প্ৰচাৰতে নহয়, বংগৰ সংস্কৃতি আৰু মাতৃ গংগাৰ প্ৰতি তেওঁৰ শ্ৰদ্ধাও প্ৰতিফলিত কৰে। এই সময়ছোৱাত প্ৰধানমন্ত্ৰীয়ে স্থানীয় লোক, শ্ৰমিক, আৰু নাৱিকসকলৰ সৈতে মত-বিনিময় কৰে।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

five − 1 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.