আন্তঃৰাষ্ট্ৰীয়আফগানিস্তানভাৰত

ভাৰতলৈ তালিবানৰ চিঠি, শীঘ্ৰেই আফগানিস্তানলৈ বাণিজ্যিক বিমান সেৱা আৰম্ভ কৰক ভাৰতে…

১৫ আগষ্টত তালিবানে কাবুল দখল কৰাৰ পিছতে ভাৰতে বন্ধ কৰিছিল আফগানিস্তানলৈ উৰা মৰা বাণিজ্যিক বিমানৰ সেৱা

ভাৰত আৰু আফগানিস্তানৰ মাজত চলা বিমান যাত্ৰা পুনৰ আৰম্ভ কৰাৰ বাবে আৱেদন জনাইছে আফগানিস্তানে। ভাৰতৰ Directorate General of Civil Aviationলৈ পত্ৰ প্ৰেৰণ কৰে আফগানিস্তানে। শীঘ্ৰেই ভাৰত আৰু আফগানিস্তানৰ মাজত চলা বাণিজ্যিক বিমানৰ উৰণ আৰম্ভ কৰাৰ আৱেদন আফগানিস্তানৰ।

চলিত মাহৰ প্ৰথমভাগতে আফগানিস্তানে পঠিওৱা এই চিঠি এতিয়াও পৰ্যবেক্ষণত ৰখা হৈছে। অৱশ্যে দুয়োখন ৰাষ্ট্ৰৰ মাজত পুনৰ যাত্ৰীৰ এক সুচল যাতায়াত ব্যৱস্থা বৰ্তাই ৰখাৰ চেষ্টা কৰাৰ কথা উল্লেখ আফগানিস্তানৰ।

ভাৰতলৈ তালিবানৰ চিঠি, শীঘ্ৰেই আফগানিস্তানলৈ বাণিজ্যিক বিমান সেৱা আৰম্ভ কৰক ভাৰতে...

উল্লেখ্য যে, ১৫ আগষ্টত তালিবানে কাবুল দখল কৰাৰ পিছতে ভাৰতে বন্ধ কৰিছিল আফগানিস্তানলৈ উৰা মৰা বাণিজ্যিক বিমানৰ সেৱা। সেয়েহে একেবাৰে সীমিত সংখ্যক যাত্ৰীবাহী বিমানহে আছে কাবুল বিমানবন্দৰত।

১৩ ছেপ্টেম্বৰত দীৰ্ঘদিনৰ বিৰতিৰ পিছত আফগানিস্তানলৈ উৰা মাৰিছিল প্ৰথমখন আন্তঃৰাষ্ট্ৰীয় বাণিজ্যিক বিমান। পিছে আফগানিস্তানৰ অনুৰোধৰ পিছতো ভাৰতে আফগানিস্তানলৈ বিমান উৰণৰ অনুমতি দিবনে নিদিয়ে সেয়া পৰৱৰ্তী সময়ত লক্ষণীয় হ’ব।

 

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

one × one =

Back to top button