অপৰাধঅসমআফগানিস্তান

ভলীবল খেলা প্ৰতিভাবান মহিলা খেলুৱৈৰ শিৰচ্ছেদ কৰিলে তালিবানে

মহিলাই ভলীবল খেলা বাবেই তালিবানে শিৰচ্ছেদ কৰে খেলুৱৈগৰাকীৰ

ভলীবল খেলা এগৰাকী মহিলা খেলুৱৈৰ শিৰচ্ছেদ কৰিলে তালিবানে।

মহিলাই ভলীবল খেলা বাবেই তালিবানে শিৰচ্ছেদ কৰে খেলুৱৈগৰাকীৰ। খেলুৱৈ গৰাকীৰ নাম মেহজেবিন হাকিমি বুলি জানিব পৰা গৈছে। তালিবানে আফগানিস্তানৰ ক্ষমতা দখল কৰাৰ পূৰ্বে মেহজেবিনে কাবুল মিউনিচিপালটি ভলীবল ক্লাৱৰ হৈ ভলীবল খেলত অংশগ্ৰহণ কৰিছিল।

মহিলা খেলুৱৈগৰাকীৰ শিৰচ্ছেদ কৰি তালিবানে খেলুৱৈ গৰাকীৰ পৰিয়ালৰ লোকক এই সম্পৰ্কে কোনো মন্তব্য প্ৰকাশ নকৰিবলৈ ভাবুকি প্ৰদান কৰে।

তালিবানে প্ৰতিভাৱান খেলুৱৈ গৰাকীক হত্যা কৰাৰ পাছতে সামাজিক মাধ্যমত এই খবৰ বিয়পি পৰে।

উল্লেখযোগ্য যে, তালিবানে আফগানিস্তানৰ ক্ষমতা দখল কৰাৰ পাছতে দেশখনত মহিলা সকলে কোনোধৰণৰ খেলত অংশগ্ৰহণ কৰিব নোৱাৰে বুলি ঘোষণা কৰিছিল।

 

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

nine − 8 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.