“আমি কাকো পৰমাণু অস্ত্ৰ প্ৰয়োগ কৰিবলৈ নিদিও!” বিশ্ববাসীক ট্ৰাম্পৰ অভয়বাণী
ট্ৰাম্পৰ মন্তব্য- "পৰমাণু যুদ্ধলৈ পৰ্যবসিত কৰা নহয় ইৰাণৰ সংঘাতক। আমি কিয় পৰমানু অস্ত্ৰ প্ৰয়োগ কৰিম। ইৰাণ ইতিমধ্যে শেষ হৈছে। আমি কাকো পৰমাণু অস্ত্ৰ প্ৰয়োগ কৰিবলৈ নিদিও।"

মধ্যপ্ৰাচ্যৰ যুদ্ধই আমেৰিকাক পৰমানু অস্ত্ৰ প্ৰয়োগ কৰিবলৈ বাধ্য কৰিব নেকি ? ইৰাণক বস কৰিবলৈ আমেৰিকাই! অৱশেষ বিকল্প হিচাপে এটম বোমা পেলাব নেকি ? সমগ্ৰ বিশ্ব জুৰি এই আশংকাই দেখা দিয়াৰ মাজত শান্তিকামী বিশ্ব সম্প্ৰদায়ক ট্ৰাম্পৰ আশ্বাস । ট্ৰাম্পৰ মন্তব্য- “পৰমাণু যুদ্ধলৈ পৰ্যবসিত কৰা নহয় ইৰাণৰ সংঘাতক। আমি কিয় পৰমানু অস্ত্ৰ প্ৰয়োগ কৰিম। ইৰাণ ইতিমধ্যে শেষ হৈছে। আমি কাকো পৰমাণু অস্ত্ৰ প্ৰয়োগ কৰিবলৈ নিদিও।”
অৱশ্যে ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পে শান্তি চুক্তিৰ সম্পাদন কৰিবলৈ ইৰাণৰ সময় উকলি যাবলৈ ওলাইছে বুলি সকীয়াই দিয়ে । মোৰ হাতত যথেষ্ঠ সময় আছে কিন্তু ইৰাণৰ হাতত সময় নাই বুলি এক তাৎ পৰ্যপূৰ্ণ মন্তব্য কৰে ট্ৰাম্পে । ইতিমধ্যে মধ্যপ্ৰাচ্যত উপস্থিত হৈছে আমেৰিকাৰ তৃতীয়খন যুদ্ধপোৰ্ট । যুদ্ধ জাহাজখনৰ নাম USS George HW Bush । ইয়াৰ মাজত ইৰাণৰ ৰাজধানী তেহৰাণত বিস্ফোৰণৰ শব্দ শুনা গৈছে দুই সপ্তাহাৰ পাছত প্ৰথমবাৰৰ বাবে তেহৰাণত বোমা বিস্ফোৰণ হোৱা বুলি প্ৰকাশ ।
উল্লেখ্য যে, ইৰাণৰ বাবে পাকিস্তান শান্তি আলোচনাত অচলাৱস্তাৰ সৃষ্টি হৈছে । কাৰণ ইৰাণে আমেৰিকাই হৰমূজ প্ৰণালীত অৱৰোধ প্ৰত্যাহাৰ নকৰা পৰ্যন্ত আলোচনা কৰিবলৈ সন্মত হোৱা নাই । অৱশ্যে ইয়াৰ মাজত লেবানন আৰু ইজৰাইলৰ মাজৰ যুদ্ধ বিৰতিৰ ম্যাদ বৃ্দ্ধি কৰিবলৈ সন্মত হৈছে ইজাৰাইলে । এই কথা ঘোষণা কৰিছে ৰাষ্ট্ৰপতি ট্ৰাম্পে । ইয়াৰ মাজতে তিনি সপ্তাহলৈ বাঢ়িল যুদ্ধবিৰতি । লেবানন আৰু ইজৰাইলৰ প্ৰতিনিধিৰ মাজত এক বৈঠক ৱাশ্বিংটনৰ হুৱাইট হাইছত অনুষ্ঠিত হব পাৰে বুলি প্ৰকাশ পাইছে । মধ্যপ্ৰাচ্যৰ শান্তিৰ বাবে এইয়া গুৰুত্বপূৰ্ণ পদক্ষেপ হিচাপে চিহ্নিত হৈছে ।