আন্তঃৰাষ্ট্ৰীয়আফগানিস্তান

আত্মঘাতী বোমাৰুৰ ভয়ংকৰ বিস্ফোৰণত কঁপিছে কাবুল, বিস্ফোৰণে প্ৰাণ কাঢ়িলে ১৯ জন লোকৰ

কাবুলৰ ৪০০ খন বিচনাযুক্ত চৰদাৰ মহম্মদ দৌদ খান হাস্পতালৰ প্ৰৱেশদ্বাৰত সংঘটিত হয় এই বিস্ফোৰণ।

ভয়ংকৰ বিস্ফোৰণত কঁপিছে কাবুল। মঙলবাৰে, আফগানিস্তানৰ ৰাজধানী কাবুলত সংঘটিত হয় ভয়ংকৰ বিস্ফোৰণ। আফগানিস্তানৰ মিলিটাৰী হাস্পতালত হোৱা বিস্ফোৰণৰ ফলত নিহত হয় ১৯ জন লোক।

কাবুলৰ সৰ্ববৃহৎ মিলিটাৰী হাস্পতালত মঙলবাৰে হয় দুটাকৈ বিস্ফোৰণ। এই ঘটনাৰ আঁৰত আত্মঘাতী বোমাৰু আৰু বন্দুকধাৰী লোকৰ হাত থকাৰ কথা প্ৰকাশ তালিবান চৰকাৰৰ।

কাবুলৰ ৪০০ খন বিচনাযুক্ত চৰদাৰ মহম্মদ দৌদ খান হাস্পতালৰ প্ৰৱেশদ্বাৰত সংঘটিত হয় এই বিস্ফোৰণ।

প্ৰত্যক্ষদৰ্শীৰ মন্তব্য অনুসৰি মঙলবাৰে হাস্পতালখনত ইছলামিক ষ্টেট ফাইটাৰছ প্ৰৱেশ কৰি নিৰাপত্তাৰক্ষীৰ সৈতে কাজিয়াত লিপ্ত হয়। পৰৱৰ্তী সময়ত দলটোৱে সংঘটিত কৰে বিস্ফোৰণ।

দুৰ্ভাগ্যজনকভাৱে, এই বিস্ফোৰণৰ ফলত ১৯ জন লোকৰ মৃত্যু হোৱাৰ বিপৰীতে ৫০ জন লোক আঘাতপ্ৰাপ্ত হয়।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

5 + twenty =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.