১ মে’ত ‘আন্তঃৰাষ্ট্ৰীয় শ্ৰমিক দিৱস’ কিয় পালন কৰা হয়? এই দিনটোৰ ইতিহাস, তাৎপৰ্য জানক…
বৰ্তমান অফিচ বা ফেক্টৰীত ৮ ঘণ্টাৰ শ্বিফটত কাম কৰাৰ নিয়মটো আমাৰ বাবে অতি সাধাৰণ কথা। কিন্তু এই অধিকাৰ উপহাৰ হিচাপে লাভ কৰা নহয়। ১৯ শতিকাৰ ঔদ্যোগিক বিপ্লৱৰ সময়ত শ্ৰমিকসকলক এদিনত ১২ৰ পৰা ১৬ ঘণ্টা ধৰি কাম কৰিবলৈ বাধ্য কৰা হৈছিল।

১৮৮৬ চনৰ ১ মে’…। আমেৰিকাৰ চিকাগো চহৰত অজস্ৰ লোক ভিৰ। ওলাই আহিছিল হাজাৰ হাজাৰ শ্ৰমিক। এক বৃহৎ আন্দোলন। দাবী আছিল দৈনিক ৮ ঘণ্টা কাম। প্ৰতিবাদৰ মাজতে আৰম্ভ আৰক্ষীৰ গু/লীচালনা। এটা দুটাকৈ নি/হত বহুজন। সেয়াই আছিল আৰম্ভণি। তাৰ পিছতে এক ঐতিহাসিক সিদ্ধান্ত…
বৰ্তমান অফিচ বা ফেক্টৰীত ৮ ঘণ্টাৰ শ্বিফটত কাম কৰাৰ নিয়মটো আমাৰ বাবে অতি সাধাৰণ কথা। কিন্তু এই অধিকাৰ উপহাৰ হিচাপে লাভ কৰা নহয়। ১৯ শতিকাৰ ঔদ্যোগিক বিপ্লৱৰ সময়ত শ্ৰমিকসকলক এদিনত ১২ৰ পৰা ১৬ ঘণ্টা ধৰি কাম কৰিবলৈ বাধ্য কৰা হৈছিল। এই ভয়ংকৰ শোষণৰ বিৰুদ্ধে ১৮৮৬ চনৰ ১ মে’ত আমেৰিকাত এক বৃহৎ আন্দোলন আৰম্ভ হয়। য’ত শ্ৰমিকসকলৰ দাবী স্পষ্ট আছিল: “আঠ ঘণ্টা কামৰ বাবে, আঠ ঘণ্টা জিৰণি আৰু আঠ ঘণ্টা বিনোদনৰ বাবে।”
উল্লেখ্য যে, ১৮৮৬ চনৰ ১ মে’ত আমেৰিকাৰ চিকাগো চহৰৰ হে-মাৰ্কেটত দৈনিক ৮ ঘণ্টা কামৰ দাবীৰে আন্দোলন কৰিছিল শ্ৰমিকসকলে। এই আন্দোলনৰ সময়ত আৰক্ষীৰ গুলীত কেইবাজনো শ্ৰমিক ছহিদ হৈছিল। এই ঘটনাই সমগ্ৰ বিশ্বৰ দৃষ্টি আকৰ্ষণ কৰিছিল। এই প্ৰতিবাদত নিহত ছহিদসকলৰ স্মৃতিত ১৮৮৯ চনত পেৰিছত অনুষ্ঠিত হোৱা আন্তঃৰাষ্ট্ৰীয় সন্মিলনত সিদ্ধান্ত লোৱা হয় যে প্ৰতি বছৰে ১ মে’ তাৰিখটো ‘আন্তঃৰাষ্ট্ৰীয় শ্ৰমিক দিৱস’ হিচাপে পালন কৰা হ’ব।
ব্ৰিটিছ শাসনৰ সময়ত ভাৰতীয় শ্ৰমিকসকল অবাধ শোষণৰ বলি হৈছিল। এই অত্যাচাৰৰ বিৰুদ্ধে মাত মাতিবলৈ ১৯২০ চনত ‘অল ইণ্ডিয়া ট্ৰেড ইউনিয়ন কংগ্ৰেছ’ প্ৰতিষ্ঠা কৰা হয়। ১৯২৩ চনৰ ১ মে’ত প্ৰথমবাৰৰ বাবে ভাৰতত মাদ্ৰাজ (বৰ্তমান চেন্নাই)ত‘হিন্দুস্তানৰ লেবাৰ কিষাণ পাৰ্টি’ৰ উদ্যোগত শ্ৰমিক দিৱস পালন কৰা হয়।
দেশে স্বাধীনতা লাভ কৰাৰ পিছত আমাৰ সংবিধানে শ্ৰমিকৰ স্বাৰ্থৰ প্ৰতি সম্পূৰ্ণ গুৰুত্ব দিছিল। তেওঁলোকৰ বাবে মূল নীতি প্ৰণয়ন কৰা হৈছিল, যেনে নূন্যতম মজুৰি আইন (১৯৪৮), ঔদ্যোগিক বিবাদ আইন (১৯৪৭), আৰু পি এফ আইন (১৯৫২)। বৰ্তমান সময়ত চৰকাৰে ‘শ্ৰম সংহিতা’ প্ৰৱৰ্তন কৰি এই নিয়মসমূহ আৰু অধিক সৰল কৰি তুলিছে। কিন্তু আজিও আমাৰ সন্মুখত এটা ডাঙৰ প্ৰত্যাহ্বান আছে: দেশৰ কৰ্মশক্তিৰ এক উল্লেখযোগ্য অংশই অসংগঠিত খণ্ডৰ ভিতৰতে কাম কৰি আছে, য’ত নিয়োগ বা ভৱিষ্যতৰ নিৰাপত্তাৰ সন্দৰ্ভত একেবাৰেই নিশ্চয়তা নাই।
আজিৰ নতুন প্ৰত্যাহ্বান
অৱশ্য়ে সময়ৰ লগে লগে কামৰ স্বৰূপৰ বিকাশ ঘটিছে। আজি Artificial Intelligence আৰু automationৰ বাবে বহুতো পৰম্পৰাগত চাকৰি নাইকীয়া হৈছে। শেহতীয়াকৈ ‘গিগ ইকনমি’ৰ জনপ্ৰিয়তা যথেষ্ট বৃদ্ধি পাইছে। য’ত বহু লোকে ডেলিভাৰী এজেণ্ট, কেব চালক, বা ফ্ৰীলান্সাৰ হিচাপে কাম কৰি আছে। এই ভূমিকাসমূহে সময়ৰ ক্ষেত্ৰত নমনীয়তা প্ৰদান কৰে যদিও স্বাস্থ্য বীমা, পেঞ্চন বা চাকৰিৰ সুৰক্ষাৰ ক্ষেত্ৰত যথেষ্ট প্ৰত্যাহ্বানৰ সন্মুখীন হ’বলগীয়া হৈছে।
উল্লেখ্য যে আন্তঃৰাষ্ট্ৰীয় শ্ৰমিক সংস্থা (ILO)-ই এই বছৰৰ বাবে “এক স্বাস্থ্যকৰ মনোসামাজিক কৰ্ম পৰিৱেশ নিশ্চিত কৰা” (Ensuring a Healthy Psychosocial Working Environment) শীৰ্ষক বিষয়বস্তুটো নিৰ্বাচন কৰিছে। ইয়াত কৰ্মক্ষেত্ৰৰ মানসিক স্বাস্থ্য আৰু AI-ৰ দৰে প্ৰযুক্তিৰ ব্যৱহাৰে শ্ৰমিকৰ ওপৰত পেলোৱা মানসিক প্ৰভাৱৰ ওপৰত বিশেষ গুৰুত্ব দিয়া হৈছে। ইফালে বৰ্তমানৰ পৰা ২০২৬ চনৰ ভিতৰত প্ৰায় ৫০% ৰ পৰা ৬০% চাকৰি AI-ৰ দ্বাৰা প্ৰভাৱিত হ’ব, যাৰ বাবে শ্ৰমিকসকলৰ মাজত নতুন দক্ষতাৰ প্ৰয়োজনীয়তা বৃদ্ধি পাইছে। ILO-ৰ মতে, AI-ৰ ফলত ২০৩০ চনৰ ভিতৰত বিশ্বজুৰি প্ৰায় ১৭০ নিযুত নতুন কৰ্মসংস্থাপন সৃষ্টি হোৱাৰ সম্ভাৱনা আছে। বিশেষকৈ তথ্য বিশ্লেষণ, AI তত্ত্বাবধান আৰু সৃষ্টিশীল ক্ষেত্ৰত শ্ৰমিকৰ চাহিদা বৃদ্ধি পাব।