অপৰাধআফগানিস্তান

কাবুলৰ চিকিৎসালয়ত বিস্ফোৰণ: নিহত ১৫, আহত ৩৪

নিহতৰ সংখ্যা এতিয়াও ১৫জনতকৈ অধিক হোৱাৰ সম্ভাৱনা আছে

আফগানিস্তানৰ আটাইতকৈ ডাঙৰ সামৰিক চিকিৎসালয়ত আজি  সংঘটিত হয় এক ভয়ংকৰ বোমা বিস্ফোৰণৰ ঘটনা। নিহত হয় প্ৰায় ১৫ জন লোক।

কাবুলৰ ৪০০ বিচনাযুক্ত চৰ্দাৰ মহম্মদ দাউদ খান চিকিৎসালয়ৰ প্ৰৱেশদ্বাৰত এই বিস্ফোৰণ সংঘটিত হয় আৰু লগে লগে চিকিৎসালয়খনলৈ নিৰাপত্তা বাহিনী প্ৰেৰণ কৰা হয়।

তালিবানৰ এজন বিষয়াই নিজৰ পৰিচয় গোপনে ৰাখি জনায় যে, বিস্ফোৰণত নিহতৰ সংখ্যা এতিয়াও নিশ্চিত কৰা হোৱা নাই যদিও এই সংখ্যা ১৫জনতকৈ অধিক হোৱাৰ সম্ভাৱনা আছে।

কোনো গোট অথবা সংগঠন এতিয়ালৈকে বিস্ফোৰণটোৰ দায়িত্ব লোৱা নাই।

উল্লেখ্য যে, কিন্তু চৰকাৰী বাখটাৰ সংবাদ সংস্থাই সাক্ষীসকলৰ উদ্ধৃতি দি কৈছিল যে ইছলামিক ষ্টেটৰ কেইবাজনো যুঁজাৰু চিকিৎসালয়ত প্ৰৱেশ কৰিছিল আৰু সুৰক্ষা বাহিনীৰ সৈতে সংঘৰ্ষ কৰিছিল।

.

 

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

six − 2 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.