Socialঅপৰাধঅসম

অপৰাধী চানফুলৰ সলিল সমাধি, আৰক্ষীৰ চকুত ধূলি দি পলাবলৈ লওঁতেই মৃত্যু!

আৰক্ষীৰ চকুত ধূলি দি পলাবলৈ লওঁতেই ওদালগুৰিৰ খৈৰাবাৰীৰ উপনৈত পিছল খাই পৰে অপৰাধী চানফুল।

দুৰ্ধর্ষ অপৰাধী চানফুল আলীৰ সলিল সমাধি। আৰক্ষীৰ তদন্তৰ সময়তে পানীত পৰি মৃত্যুক সাবটিলে কুখ্যাত অপৰাধী চানফুলে।

এটা হত্যাকাণ্ডৰ গোচৰৰ ভিত্তিত চৰজমিন তদন্তৰ বাবে খৈৰাবাৰীলৈ লৈ যোৱা হৈছিল চানফুলক। আৰক্ষীৰ চকুত ধূলি দি পলাবলৈ লওঁতেই ওদালগুৰিৰ খৈৰাবাৰীৰ নৈত পিছল খাই পৰে অপৰাধী চানফুল।

আৰক্ষীয়ে ততাতয়াকৈ চিকিৎস্যালয়ত ভৰ্তি কৰায় যদিও চানফুলক মৃত ঘোষণা কৰে চিকিৎসকে।

উল্লেখ্য যে,ৰাজ্যৰ ভিন্ন প্ৰান্তত হত্যা আৰু ডকাইতি কাণ্ড সংঘটিত কৰিছিল চানফুলে। সমগ্ৰ ৰাজ্যত তথা কামৰূপৰ কেইবাখনো আৰক্ষী থানাত গোচৰ ৰুজু আছিল চানফুলৰ বিৰুদ্ধে।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

4 × 3 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.