Socialঅসম

আজি বিশ্ব দিব্যাংগ দিৱস, বিশেষ দিনটোত বিশেষভাৱে সক্ষম লোকলৈ কি বিশেষ উপহাৰ মুখ্যমন্ত্ৰীৰ?

বিশ্বৰ ১ বিলিয়ন দিব্যাংগ লোকৰ ভিতৰত ৮০ শতাংশ লোকেই বসবাস কৰে উন্নয়নমূলক দেশত। ক'ভিড-১৯ মহামাৰীৰ সময়ত যথেষ্ট প্ৰভাৱৰ সন্মুখীন হৈছিল বিশেষভাৱে সক্ষম লোকসকল।

আজি দিব্যাংগসকলৰ বাবে এটা বিশেষ দিন। প্ৰতি বছৰে ৩ ডিচেম্বৰ তাৰিখে উদযাপন কৰা হয় বিশ্ব দিব্যাংগ দিৱস। বিশেষভাৱে সক্ষম লোকসকলৰ প্ৰতিপালনৰ ক্ষেত্ৰত সজাগতা সৃষ্টিৰ বাবেই আজিৰ দিনটোত বিশ্বজুৰি পালন কৰা হয় এই দিৱস। বিশ্বৰ ১ বিলিয়ন দিব্যাংগ লোকৰ ভিতৰত ৮০ শতাংশই বসবাস কৰে উন্নয়নমূলক দেশত।

আজি বিশ্ব দিব্যাংগ দিৱস, বিশেষ দিনটোত বিশেষভাৱে সক্ষম লোকলৈ কি বিশেষ উপহাৰ মুখ্যমন্ত্ৰীৰ?

সমগ্ৰ বিশ্বৰ বিভিন্ন ঠাইত দিব্যাংগ দিৱস উদযাপন কৰাৰ সমান্তৰালভাৱে অসমতো পালন কৰা হ’ল এই দিৱস। আমিনগাঁৱৰ ভাস্কৰ বাৰ্মা ক্ষেত্ৰত বিশেষ আয়োজন। বহুতো বিশেষভাৱে সক্ষম লোকে অংশগ্ৰহণ কৰা এই অনুষ্ঠানত উপস্থিত থাকে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ লগতে বিত্ত মন্ত্ৰী অজন্তা নেওগ আৰু বিজেপি বিধায়কসকল । অনুষ্ঠানত অংশ লৈ মুখ্যমন্ত্ৰীগৰাকীয়ে দিব্যাংগসকলৰ বাবে ঘোষণা কৰে বিশেষ সুবিধাৰ কথা।

আজি বিশ্ব দিব্যাংগ দিৱস, বিশেষ দিনটোত বিশেষভাৱে সক্ষম লোকলৈ কি বিশেষ উপহাৰ মুখ্যমন্ত্ৰীৰ?

ৰাজ্যত পোন প্ৰথমবাৰৰ বাবে দিব্যাংগ সকলৰ বাবে সুকীয়াকৈ গঢ় দিয়া হ’ব সঞ্চালকালয়। এই সঞ্চালকায়ৰ বাবে বাজেটত কৰা হ’ব অনুমোদন ধন। দিব্যাংগসকলক বিজেপি চৰকাৰে অধিক গুৰুত্ব দিয়া বুলি মন্তব্য কৰি মুখ্যমন্ত্ৰী শৰ্মাই কয় যে, দিব্যাংগ সকলক আগবঢ়াই নিব পাৰিলেহে সামাজিক ন্যায় প্ৰতিষ্ঠা হ’ব।

এই অনুষ্ঠানত কামৰূপ জিলাৰ ৪,৯৪৩ জন দিব্যাংগ লোকক প্ৰদান কৰা হ’ব হুইল চেয়াৰ। অন্যান্য উপকৰণ দিয়াৰ লগতে ৰাজ্যত দিব্যাংগ লোকক বিশেষভাৱে নিযুক্তি প্ৰদানৰ কথাও ঘোষণা কৰে মুখ্যমন্ত্ৰীয়ে। ইয়াৰোপৰি, কাহিলীপাৰাৰ মুকবধিৰ বিদ্যালয়( Deaf & Dumb School) আৰু বশিষ্ঠৰ অন্ধ বিদ্যালয়ক(Blind School)ক হায়াৰ ছেকেণ্ডাৰী পৰ্যায়লৈ উন্নীত কৰাৰ কথা ঘোষণা কৰে মুখ্যমন্ত্ৰীয়ে।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

ten + 14 =

Back to top button