ভাৰতৰাজনৈতিক

আজিও সন্মানৰ পৰা বঞ্চিত প্ৰথম ৰাষ্ট্ৰপতি ডঃ ৰাজেন্দ্ৰ প্ৰসাদ, জন্মবাৰ্ষিকীৰ দিনটোত আজোনাতিনীৰ ক্ষোভ

ৰাজনীতিবিদ, আইনজ্ঞ, দৰ্শনবিদ ৰাজেন্দ্ৰ প্ৰসাদে ভাৰতৰ সংবিধানৰ খচৰাও প্ৰস্তুত কৰিছিল। সংবিধান প্ৰস্তুত প্ৰক্ৰিয়াত তেখেতৰ আছিল অনন্য অৱদান।

আজি দেশৰ প্ৰথমগৰাকী ৰাষ্ট্ৰপতি ডঃ ৰাজেন্দ্ৰ প্ৰসাদৰ জন্মবাৰ্ষিকী। দেশজুৰি পালন কৰা হ’ল ৰাজেন্দ্ৰ প্ৰসাদৰ ১৩৭ সংখ্যক জন্মবাৰ্ষিকী।

পবিত্ৰ ভূমি বিহাৰত জন্মগ্ৰহণ কৰা ৰাজেন্দ্ৰ বাবু অৰ্থাৎ ৰাজেন্দ্ৰ প্ৰসাদে জাতিৰ বাবে অৰ্পণ কৰিছিল নিজৰ জীৱন। দেশৰ স্বাধীনতাৰ আন্দোলনতো সক্ৰিয়ভাৱে অংশ লৈছিল ৰাজেন্দ্ৰ প্ৰসাদে।

ৰাজনীতিবিদ, আইনজ্ঞ, দৰ্শনবিদ ডঃ ৰাজেন্দ্ৰ প্ৰসাদে ভাৰতৰ সংবিধানৰ খচৰাও প্ৰস্তুত কৰিছিল। সংবিধান প্ৰস্তুত প্ৰক্ৰিয়াত তেখেতৰ আছিল অনন্য অৱদান।

কিন্তু জীৱিত কালত দেশৰ কাৰণে যথেষ্ট কাম কৰি যোৱা ৰাজেন্দ্ৰ প্ৰসাদে এতিয়া পৰ্যন্ত নাপালে কোনোধৰণৰ বিশেষ সন্মান। প্ৰাক্তন ৰাষ্ট্ৰপতি ডঃ ৰাজেন্দ্ৰ প্ৰসাদৰ ১৩৭ তম জন্মবাৰ্ষিকীত তেখেতৰ স্মৃতি সুঁৱৰি এই কথা ব্যক্ত কৰে আজোনাতিনী তাৰা সিনহাই। ভাষণৰ শেষত আৱেগিক হৈ তাৰা সিনহাই উত্থাপন কৰে প্ৰশ্ন- ৰাজেন্দ্ৰ প্ৰসাদৰ মৃত্যুত কিয় ৰাজ্যিকভাৱেও শেষকৃত্য কৰা নহ’ল দেশৰ প্ৰাক্তন ৰাষ্ট্ৰপতিগৰাকীৰ?

এতিয়ালৈকে প্ৰথমগৰাকী ৰাষ্ট্ৰপতিৰ সমাধিক্ষেত্ৰ নিৰ্মাণ নকৰাৰ বাবে ক্ষোভ প্ৰকাশ কৰে ৰাজেন্দ্ৰ প্ৰসাদৰ আজোনাতিনী তাৰাই। আনকি ৰাষ্ট্ৰপতিগৰাকীৰ সমপর্যায়ৰ সকলো নেতাৰ নামত দেশজুৰি দিৱস পালন কৰাৰ বিপৰীতে ৰাষ্ট্ৰপতিগৰাকীৰ নামত কোনো ধৰণৰ দিৱস উদযাপন নকৰাৰ কথাও উল্লেখ তাৰা সিনহাৰ।

অৱশ্যে, ৰাজভৱনত দেশৰ প্ৰথম প্ৰাক্তন ৰাষ্ট্ৰপতি ডঃ ৰাজেন্দ্ৰ প্ৰসাদৰ প্ৰতিমূৰ্তি নিৰ্মাণ কৰাৰ বাবে সকলোকে ধন্যবাদ জ্ঞাপন কৰে তাৰা সিনহাই।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

7 − two =

Back to top button