অসমঅসম আৰক্ষী

দোষমুক্ত হ’ল অখিল গগৈ, আদালতে দোষমুক্ত ঘোষণা কৰিলে বিধায়কগৰাকীক…

কৰ্তব্যৰত অৱস্থাত থকা আৰক্ষীক বাধা দিয়াৰ অভিযোগ উত্থাপিত হৈছিল বিধায়ক অখিল গগৈৰ বিৰুদ্ধে

২০১৪ চনৰ এক গোচৰত অখিল গগৈক দোষমুক্ত কৰিলে আদালতে।কামৰূপ মহানগৰ জিলা মুখ্য ন্যায়িক দণ্ডাধীশৰ আদালতে দোষমুক্ত ঘোষণা কৰে অখিল গগৈক।

তদানীন্তন DSP পণজিত দুৱৰাই অখিল গগৈৰ বিৰুদ্ধে দাখিল কৰিছিল গোচৰটো। কৰ্তব্যৰত অৱস্থাত থকা আৰক্ষীক বাধা দিয়াৰ অভিযোগ উত্থাপিত হৈছিল বিধায়ক অখিল গগৈৰ বিৰুদ্ধে।

পানবজাৰ থানাত পঞ্জীয়ন হৈছিল ১৫৯/২০১৪নং গোচৰটো। অখিল গগৈৰ বিৰুদ্ধে IPCৰ ১৪৩/ ১৮৮/৩৫৩/৪২৭ ধাৰা আৰোপ কৰা হৈছিল গোচৰত। কিন্তু আদালতত এই অভিযোগ প্ৰতীয়মান কৰিব নোৱাৰিলে চৰকাৰী পক্ষই। আদালতে সকলো সাক্ষ্য-শুনানিৰ অন্তত সোমবাৰে অখিল গগৈক দোষমুক্ত ঘোষণা কৰে।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

15 + 8 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.