ধৰ্মীয়ভাৰত

ৰামৰ জন্মদিনতেই দেশৰ ৪ ৰাজ্যত সাম্প্ৰদায়িক সংঘৰ্ষ, শিলাবৰ্ষণত মৃত্যুক সাবটিলে এজনে…

মধ্যপ্ৰদেশৰ খাৰগোন চহৰত ৰাম নৱমীৰ সমদলত দুৰ্বৃত্তই শিলগুটি দলিওৱাৰ পাছতেই ১৪৪ ধাৰা জাৰি কৰে প্ৰশাসনে

দেশত দৈনিক বৃদ্ধি পাইছে সাম্প্ৰদায়িক সংঘাতৰ ঘটনা। ৰাম নৱমীৰ দিনটোত দেশৰ ৪খন ৰাজ্যত সৃষ্টি হয় অপ্ৰীতিকৰ পৰিস্থিতিৰ। দেওবাৰে গুজৰাট, মধ্যপ্ৰদেশ, ঝাৰখণ্ড আৰু পশ্চিম বংগত হিন্দুসকলৰ ৰামনৱমী উৎসৱৰ দিনাই সৃষ্টি হয় সাম্প্ৰদায়িক সংঘৰ্ষৰ।

 

গুজৰাটৰ খামভাট চহৰত ৰাম নৱমীৰ সমদল উলিওৱাৰ সময়তে দুটা ফৈদৰ মাজত হোৱা সংঘৰ্ষত মৃত্যুক সাবটি লয় এজনে। মধ্যপ্ৰদেশৰ খাৰগোন চহৰত ৰাম নৱমীৰ সমদলত দুৰ্বৃত্তই শিলগুটি দলিওৱাৰ পাছতেই ১৪৪ ধাৰা জাৰি কৰে প্ৰশাসনে। উগ্ৰ লোকে জ্বলাই দিয়ে বহুকেইখন দোকান। পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ কন্দুৱা গেছ ব্যৱহাৰ কৰিবলৈ উদ্যত হয় আৰক্ষী।

 

গুজৰাটৰ সমান্তৰালভাৱে মধ্যপ্ৰদেশ, পশ্চিম বংগ, ঝাৰখণ্ডটো ৰাম নৱমীৰ দিনটোত একেই পৰিস্থিতি। শিলাবৰ্ষণ কৰি দুৰ্বৃত্তই আক্ৰমণ কৰে সমদল উলিওৱা লোকসকলক।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

fifteen + 15 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.