অপৰাধ

প্ৰতিশ্ৰুতি ৰখাত ব্যৰ্থ! তালিবানৰ লক্ষ্য সাংবাদিক

এগৰাকী সংবাদ কৰ্মীক বিচাৰি হত্যা কৰিলে পৰিয়ালৰ লোকক

তালিবানে আফগানিস্তান দখল কৰাৰ লগে লগে সমগ্ৰ বিশ্বতে সৃষ্টি হৈছে চৰম উত্তেজনা।

সন্ত্ৰাসবাদী সংগঠনটোৰ নেতৃত্বই দাবী কৰিছে যে, পূৰ্বৰ তুলনাত সলনি হৈছে তালিবান। আফগানিস্তান দখলৰ পাছতে তালিবানে সকলোকে নিজৰ নিজৰ কৰ্মস্থলীত যোগদান কৰিবলৈ আহ্বান জনাইছিল। ইয়াৰ মাজতে তালিবানে আফগান মহিলাসকলকো তেওঁলোকৰ চৰকাৰত যোগদানৰ বাবে আহ্বান জনাইছিল।

কিন্তু মহিলাৰ প্ৰতি থকা তেওঁলোকৰ মনোভাৱৰ যে কোনো সলনি হোৱা নাই সেই কথা ইতিমধ্যে সংবাদ মাধ্যমে পোহৰলৈ আনিছে।

তালিবানে দেশখনত শান্তি বজাই ৰাখিব বুলি প্ৰতিশ্ৰুতি প্ৰদান কৰিছিল যদিও তালিবানে ধাৰাবাহিকভাৱে অব্যাহত ৰাখিছে মহিলা, শিশু, কিশোৰকে ধৰি অন্যান্য লোকসকলক নিৰ্যাতন। এই সকলো  খবৰ সংবাদ মাধ্যমত প্ৰকাশ পোৱাৰ পাছতে তালিবানৰ প্ৰকৃত ৰূপ পোহৰলৈ দাঙি ধৰাত সাংবাদিকক বিচাৰি চলাথ কৰিছে তালিবানে।

সংবাদ মাধ্যমৰ স্বাধীনতা খৰ্ব কৰি এতিয়া তালিবানে ঘৰে ঘৰে সাংবাদিক বিচাৰি অভিযান আৰম্ভ কৰিছে।

দেশখনত কৰ্মৰত জাৰ্মান সংবাদ সংস্থা DW ৰ এগৰাকী সংবাদ কৰ্মীক শনিবাৰে তালিবানে হত্যাৰ বাবে তেওঁৰ ঘৰত অভিযান চলাই বিচাৰি নাপাই পৰিয়ালৰ এজন সদস্যক হত্যা কৰাৰ লগতে আন এজন সদস্য তালিবানৰ গুলীত আহত হৈছে।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

5 − five =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.