গুজৰাটত অঘটন, ৰাসায়নিক কাৰখানাত বিস্ফোৰণ হৈ ৬জন শ্ৰমিকৰ মৃত্যু…
সোমবাৰে পুৱতি নিশা প্ৰায় ৩ বজাত সংঘটিত এই বিস্ফোৰণ
গুজৰাটৰ ভাৰুছ জিলাত অঘটন। ৰাসায়নিক কাৰখানাত বিস্ফোৰণ হৈ অগ্নিৰ সূত্ৰপাত। আহমেদাবাদৰ পৰা ২৩৫ কিমি দূৰত্বত থকা দহেজ উদ্যোগিক অঞ্চলত থকা এটা ৰাসায়নিক কাৰখানাত সোমবাৰে পুৱতি নিশা প্ৰায় ৩ বজাত সংঘটিত এই ঘটনা। হঠাৎ বিস্ফোৰিত হয় কাৰখানাটোৰ ৰিয়েক্টৰ। ৰিয়েক্টৰৰ বিস্ফোৰণৰ ফলতেই অগ্নিৰ সূত্ৰপাত হয় কাৰখানাটোত।
#Bharuch (Gujarat)- There is a #blast in organic company. Till now 6 people have been died. Investigation is going on to know the reason behind it. pic.twitter.com/61J5ZAzF8Y
— Chaudhary Parvez (@ChaudharyParvez) April 11, 2022
এই বিস্ফোৰণৰ ফলত ৰিয়েক্টৰৰ কাষত কৰ্মৰত ৬জন শ্ৰমিকে মৃত্যুক সাবটি লয়। পৰৱৰ্তী সময়ত মৃতদেহকেইটা উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰা হয়।