অসমদৈনিক বাতৰি

নৱবৰ্ষৰ প্ৰথম দিনটোত কেইবাটাও গুৰুত্বপুৰ্ণ মন্তব্য মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ

১ জানুৱাৰীৰ দিনটোতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ মুখত শুনিবলৈ পোৱা গ'ল অসম লোকসেৱা আয়োগ, অসমীয়া ভাষা, অসম চুক্তিৰ ছয় নং দফা আৰু ছয় জনগোষ্ঠীৰ জনজাতিকৰণৰ প্ৰসংগ

আজি ২০২২ বৰ্ষৰ প্ৰথমটো দিন। নৱবৰ্ষৰ প্ৰথম দিনটোত নতুন বছৰত কি কি কাৰ্যপন্থাৰে চৰকাৰ আগবাঢ়িব, সেইলৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৰাজ্যৰ জ্যেষ্ঠ সাংবাদিক, সম্পাদকসকলৰ সৈতে মত বিনিময় কৰে।

১ জানুৱাৰীৰ দিনটোতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ মুখত শুনিবলৈ পোৱা গ’ল অসম লোকসেৱা আয়োগ, অসমীয়া ভাষা, অসম চুক্তিৰ ছয় নং দফা আৰু ছয় জনগোষ্ঠীৰ জনজাতিকৰণৰ প্ৰসংগ।

তাৰ লগতে উল্লেখ কৰিলে APSCৰ প্ৰসংগ। মুখ্যমন্ত্ৰীয়ে ক’লে এতিয়াৰে পৰা APSCত অসমীয়াতে পৰীক্ষা দিব পাৰিব।
মুখ্যমন্ত্ৰীগৰাকীয়ে কয়, ‘এতিয়াৰ পৰা অসম লোকসেৱা আয়োগৰ পৰীক্ষা অসমীয়াতে দিব পাৰিব। শাসনলৈ যদি বিজেপি নাহি আজমল আহিলহেঁতেন, আজমলে অসমীয়া ভাষা ৰাখিলহেঁতেননে? মেডিকেল, অভিযান্ত্ৰিক আদি সকলো প্ৰৱেশ পৰীক্ষা অসমীয়াত হব। অসমত এতিয়া বেয়া কাম কৰাৰ সাহস কাৰোৰে নাই। আগৰ দিনৰ কথা বেলেগ আছিল ৷ সাৰ খোৱা মানুহেহে APSCত চাকৰি পাব ৷ অসমীয়া জাতিক আৰু ভাঙিব দিব নোৱাৰো। বহু সৰু হৈয়ে গ’ল ইতিমধ্যে ৷ অসমীয়া ভাষা ৰক্ষা কৰাতো চৰকাৰৰ দায়িত্ব নহয় ৷ ৰাইজে কৰিব লাগিব ৷ অসমীয়া স্কুলত পঢ়োৱাক ৷ চৰকাৰ সকলোৰে বাবে ৷’

AFSPAৰ প্ৰসংগতো কয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। তেওঁ কয় যে, ‘AFSPA চাৰিমাহৰ পিছত অসমত পুনৰ ৰিনিউ হ’ব সেই সময়ত আমি কেন্দ্ৰীয় চৰকাৰৰ লগত আলোচনা কৰিম ৷ ক’ৰ ক’ৰ পৰা আঁতৰাব পাৰি৷’

 

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

15 − 14 =

Back to top button