Social

জীৱনে সলালে গতি, মুম্বাইলৈ আহি ‘জুনিয়ৰ ৰেখা’ হ’ল সকলোৰে চিনাকি…

বহুতৰে মাজত এটি পৰিচিত নাম জুনিয়ৰ ৰেখা হৈছে এগৰাকী কিন্নৰ। পিছে পূজা হৈছে আন কিন্নৰতকৈ কিছু ব্যতিক্ৰম। আন কিন্নৰে যিদৰে হাত তালি মাৰি ভিক্ষা খোজে, পূজাই তাৰ বিপৰীতে সকলোকে নমস্কাৰ জনাই নিজৰ নৃত্য প্ৰদৰ্শন কৰে আৰু যি সকল লোকে তেওঁৰ নৃত্য ভাল পায়, তেওঁলোকক মাত্ৰ এটকা দিবলৈ অনুৰোধ কৰে।

এগৰাকী বিশেষ মহিলা, যাক কোৱা হয় জুনিয়ৰ ৰেখা। দেখাত সাইলাখ ৰেখাৰ দৰেই মহিলাগৰাকী। তেওঁৰ সাজপাৰ, নৃত্য সকলোবোৰ ৰেখাৰ দৰে হোৱাৰ বাবেই সকলোৱে মৰমতে তেওঁক নাম দিছে পূজা শৰ্মা ৰেখা। বছৰ বছৰ ধৰি মুম্বাইৰ মহিলা লোকেল ট্ৰেইনত মাত্ৰ এটকাৰ বিনিময়ত নৃত্য কৰি সকলোকে আমোদ দি আহিছে এই জুনিয়ৰ ৰেখাই ।

 

বহুতৰে মাজত এটি পৰিচিত ‘জুনিয়ৰ ৰেখা’ হৈছে এগৰাকী কিন্নৰ। পিছে পূজা হৈছে আন কিন্নৰতকৈ কিছু ব্যতিক্ৰম। আন কিন্নৰে যিদৰে হাত তালি মাৰি ভিক্ষা খোজে, পূজাই তাৰ বিপৰীতে সকলোকে নমস্কাৰ জনাই নিজৰ নৃত্য প্ৰদৰ্শন কৰে আৰু যি সকল লোকে তেওঁৰ নৃত্য ভাল পায়, তেওঁলোকক মাত্ৰ এটকা দিবলৈ অনুৰোধ কৰে। পূজাৰ মতে তেওঁৰ এই কৰ্ম মানৱ সেয়া, লগতে আত্মসন্মান নোযোৱাকৈ দুটকা অৰ্জনৰ এটা পথ । ব্যস্ত মহিলা সকলৰ মুখত যেতিয়া তেওঁৰ নৃত্য দেখি হাঁহিৰ বিৰিঙে তেওঁ অকণমান হ’লেও আমোদ দিবলৈ সক্ষম হৈছে বুলি সন্তুষ্টি লাভ কৰে পূজাই।

তেওঁ কয় যে, ‘মই পুৰুষৰ ট্ৰেইনত নৃত্য নকৰো, কিয়নো কিছু পুৰুষ এনে আছে যি সকলে মোৰ শৰীৰৰ অংগ চুবলৈ চেষ্টা কৰে আৰু বিৰোধ কৰিলে বেয়াকৈ গালি গালাজ কৰে।মই জন্ম হোৱা ঠাই খনত মোৰ দৰে লোকক ভাল ব্যৱহাৰ কৰা হোৱা নাছিল। সেয়ে এদিন মই মুম্বাইলৈ পলাই গুচি আহিছিলো। মুম্বাইত আহিও মই শান্তি পোৱা নাছিলো। মোৰ শৰীৰটো যেন কাৰোবাৰ ভোক নিবাৰণৰ পথ আছিল। দলবদ্ধ ভাৱে মোক আনকি বহুবাৰ ধৰ্ষণো কৰা হৈছিল’।

 

অতি দুখীয়া পৰিয়ালত জন্মগ্ৰহণ কৰা পূজাই মুম্বাইত এদিন হঠাৎ লগ পাইছিল গুৰু দীপাক। তাৰ পিছতেই মুম্বাইত নিজৰ বুলি এটা ঠিকনা পাইছিল জুনিয়ৰ ৰেখাই। মোহময়ী অভিনেত্ৰী ৰেখাক গুৰু হিচাপে পূজা কৰা পূজাই কয় যে, ‘মোক কোনোবাই দেখাত অভিনেত্ৰী ৰেখাৰ দৰে বুলি ক’লে মই বৰ ভালপাওঁ, তেওঁৰ ব্যক্তিত্বই মোক বাৰুকৈয়ে প্ৰভাৱিত কৰে। তেওঁৰ দৰেই প্ৰসাধন, তেওঁৰ দৰে নৃত্য কৰিবলৈ সদায় চেষ্টা কৰি আহিছো। ভগৱানৰ দৰেই মই তেওঁক পূজা কৰো’।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

4 × one =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.