SocialSocial Networkঅসমজীৱনশৈলীদৈনিক বাতৰিপ্ৰযুক্তি

Google Translatorত সংযোজিত হ’ল অসমীয়া ভাষা! গুগলে আনুষ্ঠানিকভাৱে ঘোষণা কৰিলে এই কথা

গুগলৰ ভাষা-অনুবাদ সঁজুলি, 'গুগল ট্ৰান্সলেট' আপডেট কৰা হৈছে যাৰ জৰিয়তে উত্তৰ-পূব ভাৰতৰ অসম, মিজো আৰু মণিপুৰী ভাষাকে ধৰি মুঠ ২৪টা নতুন ভাষাৰ সংযোজন কৰা হৈছে

Google Translatorত  সংযোজিত হ’ল অসমীয়া ভাষা। আজি গুগলে আনুষ্ঠানিকভাৱে ঘোষণা কৰিছে এই কথা।

গুগলৰ ভাষা-অনুবাদ সঁজুলি, ‘গুগল ট্ৰান্সলেট’ আপডেট কৰা হৈছে যাৰ জৰিয়তে উত্তৰ-পূব ভাৰতৰ অসম, মিজো আৰু মণিপুৰী ভাষাকে ধৰি মুঠ ২৪টা নতুন ভাষাৰ সংযোজন কৰা হৈছে।

লক্ষণীয়ভাৱে, তালিকাত অন্তৰ্ভুক্ত কৰা আন ভাৰতীয় ভাষাবোৰ হৈছে সংস্কৃত, ভোজপুৰী, কোঙ্কণী, ডোগৰী ইত্যাদি।

কুপাৰটিনো-আধাৰিত প্ৰযুক্তি বিদ্যাৰ দৈত্যটোৱে উল্লেখ কৰিছে যে নতুনকৈ সংযোজন কৰা ভাষাবোৰ বিশ্বব্যাপী ৩০০নিযুতৰো অধিক লোকে ব্যৱহাৰ কৰে। উদাহৰণ স্বৰূপে, উত্তৰ-পূব ভাৰতত প্ৰায় ২৫নিযুত লোকে অসমীয়া ক’ব আৰু লিখিব পাৰে আৰু লিংগালা সমগ্ৰ মধ্য আফ্ৰিকাৰ ৪৫নিযুতৰো অধিক লোকে কয়।

এক ব্লগ পোষ্টযোগে গুগলে এই নতুন ভাষা সংযোজনৰ বিষয়ে ঘোষণা কৰি কয়, জিৰো-শ্বট মেচিন ট্ৰেন্সলেচন ব্যৱহাৰ কৰি এই ভাষা যোগ কৰা হৈছে, য’ত এটা মেচিন লাৰ্ণিং মডেলে কেৱল একভাষিক পাঠ হে দেখে। জিৰো-শ্বট মেচিন ট্ৰান্সলেশ্বনে মূলতঃ কেতিয়াও উদাহৰণ নোচোৱাকৈ আন এটা ভাষালৈ অনুবাদ কৰিবলৈ শিকে।

“যদিও এই প্ৰযুক্তিটো আকৰ্ষণীয়, ই নিখুঁত নহয়,” গুগলে ইয়াৰ ব্লগপোষ্টত এইবুলিও কয়।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

1 × five =

Back to top button