EducationSocialঅসম

মাজুলীবাসীৰ বাবো সুখবৰ! মাজুলীৰ গোঁসাইবাৰী গাঁৱত আঃয়েং টাষ্টৰ পুথিভঁৰাল স্থাপন

গ্ৰন্থৰে গঢ়িম আমি ধুনীয়া পৃথিৱী

গ্ৰন্থৰে গঢ়িম আমি ধুনীয়া পৃথিৱী এই মানসিকতা বুকুত লৈ ২০১৭ বৰ্ষতেই মাজুলীত জন্ম হোৱা আঃয়াং টাষ্ট নামৰ স্বেচ্ছাসেৱী সংগঠনটোৱে মাজুলীত বিভিন্ন ধৰণৰ সেৱা মুলক কাম কৰাৰ সমান্তৰালভাৱে মাজুলীৰ বিভিন্ন গাঁৱত পুথিভঁ‌ৰাল স্থাপন কৰি শিশু সকলক গ্ৰন্থ অধ্যয়নৰ প্ৰতি আকৰ্ষণ কৰোৱাৰ প্ৰচেষ্টা অব্যাহত ৰাখিছে ৷

এই উপলক্ষে আজি গোঁসাইবাৰী গাঁৱত ৫০০ খন বিভিন্ন ধৰনৰ গ্ৰন্থেৰে অৰুনোদয় পুথিভঁৰাল নামেৰে  এটি গ্ৰন্থগাৰৰ শুভ উদ্ধোধন কৰা হয় ৷

পুথিভঁ‌ৰালৰ সভাপতি ৰবিন ৰাজখোৱাই বন্তি প্ৰজ্বলন কৰি ফিটা কাটি পুথিভঁ‌ৰালৰ দ্বাৰ মুকলি কৰে ৷ ইয়াৰ লগতে সংগতি ৰাখি অনুষ্ঠিত হোৱা সভাৰ আট ধৰে প্ৰশান্ত শইকীয়া আৰু বদন ৰাজখোৱাই ।

সভাৰ উদ্যেশ্য বাখ্য কৰি প্ৰশান্ত শইকীয়াই আঃয়াং ৰ এই পদক্ষেপৰ শলাগ লয় ৷ সভাত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকি আঃয়াংৰ কৰ্মৰাজী, সমাজ খনক ,কন কন শিশু সকলক আগুৱাই নিয়াৰ দিশত কৰা কৰ্মৰাজিৰ বাখ্যা আগবঢ়াই দিগন্ত শৰ্মাই,সভাখনত বিপিন হাজৰিকা,সাংবাদিক প্ৰাঞ্জল খাউণ্ড , লাট গাঁওবুঢ়া উপস্থিত থাকি  অভিভাৱক সকলে কন কন শিশু সকলৰ মাজত গ্ৰন্থ অধ্যয়নৰ মানসিকতা গঢ় দিয়াৰ দিশ সমুহৰ ওপৰত বক্তব্য ৰাখে ৷

সভাখনত আঃয়াং ৰ সদস্য দীপুমনি হাজৰিকা ,দীনদয়াল , পল্লবী শইকীয়া , দীগন্ত শৰ্মাৰ লগতে গাৱৰ ৰাইজ উপস্থিত থাকে ৷ আঃয়াং মাজুলীত এতিয়ালৈকে কুৰিৰো অধিক পুথিভঁৰাল স্থাপন কৰা হৈছে বুলি অৱগত কৰে ৷

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

one × 5 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.