অসম

ভাবী স্বামীক জে’ললৈ প্ৰেৰণ কৰি নিজেই গ্ৰেপ্তাৰ হ’ব নেকি SI জোনমণি ৰাভা?

কিছুদিন পূৰ্বে মাজুলীৰ দুই ব্যৱসায়ী ৰাম অৱতাৰ শৰ্মা আৰু অজিত বৰাই ৰাণা পগাগৰ বিৰুদ্ধে গড়মূৰ আৰক্ষী থানাত 20/22,21/22 US-120B/170/406/419/420/468/471/472 IPC গোচৰ ৰুজু কৰিছে। আনকি, প্ৰৱঞ্চক ৰাণাই ২৫ কোটিৰ ঠিকা দিয়াৰ নামত ব্যৱসায়ীজনৰ পৰা ৪৯লাখ টকা আগধন হিচাপে লৈছিল।

পুনৰ চৰ্চাত SI জোনমণি ৰাভা। এইবাৰ বিধায়কক নীতিশিক্ষা দি নহয়, অন্য এক কাৰণতহে সকলোৰে মুখে-মুখে জোনমণি ৰাভাৰ নাম। প্ৰৱঞ্চনাত নাম সাঙোৰ খাইছে জোনমণি ৰাভাৰ। নগাঁও আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়াৰ বিৰুদ্ধে জাঙুৰ খাই উঠিছে একাংশ।

 

 

এইবাৰ সৰিয়হৰ ডুলিতে ওলাল ভূত। ভাবী স্বামীৰ হৈ লাখে-লাখে ধন সংগ্ৰহৰ অভিযোগ উঠিছে জোনমণি ৰাভাৰ বিৰুদ্ধে। আৰক্ষী বিষয়া জোনমণি ৰাভাৰ বিৰুদ্ধে মাত মাতিছে ভুক্তভোগীয়ে। হ’বলগীয়া স্বামীক আটক কৰি নিজকে নিৰ্দোষী সজাব খোজা আৰক্ষী বিষয়া জোনমণি ৰাভাৰ কু-কীৰ্তি পোহৰলৈ আহিছে। ভাবী স্বামী ৰাণা পগাগক প্ৰৱঞ্চনাৰ গোচৰত আটক কৰি সংবাদ মাধ্যমৰ শিৰোনাম দখল কৰা আৰক্ষী বিষয়াগৰাকীৰ বিৰুদ্ধে উঠিছে প্ৰৱঞ্চনাৰ অভিযোগ।  নিজকে ধোৱা তুলসীৰ পাত সজাব বিচৰা আৰক্ষী বিষয়া গৰাকীৰ কু-কীৰ্তিয়ে বৰ্তমান সকলোকে হতচকিত কৰি তুলিছে। পূৰ্বে ভাবী স্বামী ৰাণা পগাগৰ প্ৰৱঞ্চনাৰ বিষয়ে অজ্ঞতা প্ৰকাশ কৰিছিল যদিও এই প্ৰৱঞ্চনাৰ বিষয়ে জোনমণি ৰাভাই যে পূৰ্বৰে পৰাই জ্ঞাত আছিল, সেই কথা শেহতীয়াকৈ পোহৰলৈ আহিছে।

 

 

ইতিমধ্যে, ভাইৰেল হৈছে এজন লোকৰ সৈতে SI জোনমণি ৰাভাই কৰা টেলিফোনিক বাৰ্তালাপ। দালাল ৰাণা পগাগক মাজুলীৰ একাংশ লোকৰ সৈতে আৰক্ষী বিষয়া ৰাভাই ONGCৰ বিষয়া বুলি চিনাকি কৰাই দি ঠিকা প্ৰদানৰ প্ৰলোভনেৰে দালাল ৰাণাৰ যোগেদি লাখে লাখে টকা আত্মসাৎ কৰাৰো অভিযোগ উত্থাপন হৈছে।

 

 

কিছুদিন পূৰ্বে মাজুলীৰ দুই ব্যৱসায়ী ৰাম অৱতাৰ শৰ্মা আৰু অজিত বৰাই ৰাণা পগাগৰ বিৰুদ্ধে গড়মূৰ আৰক্ষী থানাত 20/22,21/22 US-120B/170/406/419/420/468/471/472 IPC গোচৰ ৰুজু কৰিছে। আনকি, প্ৰৱঞ্চক ৰাণাই ২৫ কোটিৰ ঠিকা দিয়াৰ নামত ব্যৱসায়ীজনৰ পৰা ৪৯লাখ টকা আগধন হিচাপে লৈছিল।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

18 − three =

Check Also
Close
Back to top button