Covid-19অসমঅসম আৰক্ষী

বিহুৰ বতৰত বিপাঙত অসম আৰক্ষী!

ইজনৰ পিছত সিজন আৰক্ষী অধীক্ষক ক'ভিডৰ কবলত

বিহুৰ বতৰত বিপাঙত অসম আৰক্ষী। কোৰোণাত আক্ৰান্ত হৈছে ইজনৰ পিছত সিজন আৰক্ষী অধীক্ষক।

দুলীয়াজানত অনুস্থিত হোৱা আৰক্ষী অধীক্ষকৰ সন্মিলনৰ পিছতে অসম আৰক্ষীত অমিক্ৰনৰ আতংকই বিৰাজ কৰিছে।

এইপৰ্যন্ত কৰ’ণাৰ কবলত অসম আৰক্ষীৰ বিশেষ শাখাৰ আৰক্ষী অধীক্ষক ৰিপুল দাস, লখিমপুৰৰ আৰক্ষী অধীক্ষক বেদান্ত মাধৱ ৰাজখোৱা, শোণিতপুৰৰ আৰক্ষী অধীক্ষক ডি পি ঘনাৱট, অপৰাধ অনুসন্ধান শাখাৰ আৰক্ষী অধীক্ষক প্ৰণৱজ্যোতি গোস্বামী, বাক্সাৰ আৰক্ষী অধীক্ষক ৰাজেন সিং, গোৱালপাৰৰ আৰক্ষী অধীক্ষক ভি ভি ৰাকেশ ৰেড্ডী, শদিয়াৰ আৰক্ষী অধীক্ষক মোহনলাল মীনা আৰু কৰিমগঞ্জৰ আৰক্ষী অধীক্ষক পদ্মনাভ বৰুৱা, নগাঁৱৰ অতিৰিক্ত আৰক্ষী অধীক্ষক(সদৰ) ধ্ৰুৱ বৰা কোভিডত আক্ৰান্ত হৈছে। একেদৰে অসম আৰক্ষীৰ অতিৰিক্ত সঞ্চালক প্ৰধান হীৰেন নাথ, মহাপৰিদৰ্শক সত্যৰাজ হাজৰিকাও আক্ৰান্ত হৈছে কোভিডত।

ইপিনে এতিয়াও কেইবাগৰাকীও আৰক্ষী অধীক্ষকৰ আৰটিপিআৰ পৰীক্ষাৰ ফলাফল আহিবলৈ বাকী। অৱশ্যে বৰ্তমানলৈকে এয়া অমিক্ৰনৰ সংক্ৰমণ হয়নে নহয় সেই বিষয়ে কোনো নিশ্চিত তথ্য লাভ কৰা হোৱা নাই।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

9 + 7 =

Check Also
Close
Back to top button