অসমউৎসৱধৰ্মীয়ধাৰ্মিক

শতবৰ্ষ গৰকা এখন দুৰ্গা পূজা! বিজয়া দশমীত বিসর্জন দিয়া নহয় এই পূজাৰ প্ৰতিমা

ঐতিহ্যমণ্ডিত এখন বিশেষ পূজা মণ্ডপ

শতবৰ্ষ গৰকা বেল কাঠৰ দুৰ্গা প্ৰতিমা। ঐতিহ্যমণ্ডিত পুৰণিগুদামত
উত্তৰ পূৱ ভাৰতৰ এখন বিশেষ পূজা মণ্ডপ। নগাঁও জিলাৰ ঐতিহ্যমণ্ডিত পুৰণিগুদামত আছে দুৰ্গাপূজাৰ মণ্ডপখন৷ য’ত ১২৫ বছৰ গৰকা বেল কাঠেৰে নিৰ্মিত বুৰঞ্জী প্ৰসিদ্ধ দুৰ্গা দেবীৰ মুৰ্তি আছে৷
পুৰণিগুদামৰ দাৰুশিল্পী লেখধৰ শৰ্মা ওৰফে লেৰেলা খনিকৰে নিৰ্মাণ কৰা দুৰ্গা প্ৰতিমা সহ বাকী সমূহ প্ৰতিমা বেল কাঠৰ যদিও মহীষাসুৰৰ মুৰ্তিটো কি কাঠৰ আছিল, সেই কথা কোনেও নাজানে ৷ কাৰণ প্ৰচলিত জনশ্ৰুতি অনুসৰি বেল কাঠৰ অভাৱ হোৱাৰ পাছত মুৰ্তি নিৰ্মান কৰা শিল্পী গৰাকীয়ে সপোনত দেখা অনুসৰি এডাল প্ৰকাণ্ড কাঠ কলং সুঁতিৰে উটি আহিছিল৷ সেই কাঠডালেৰে বনোৱা হৈছিল মহীষাসুৰৰ মুৰ্তিটো।
উল্লেখ্য যে, পুৰণিগুদামৰ পুজামণ্ডপৰ এই প্ৰতিমাসমুহ বিজয়া দশমীৰ দিনা অন্যান্য মৃণ্ময় প্ৰতিমাৰ দৰে উটুৱাই দিয়া নহয়৷

Pratham Khabar News

প্ৰথম খবৰ 24/7 হৈছে অসমীয়া ছেটেলাইট নিউজ চেনেল 'নিউজ টাইম অসম'ৰ ৱেব চাইট। যি আপোনাক স্থানীয় আৰু লগতে দেশ-বিদেশৰ শেহতীয়া খবৰ দি থাকে।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

10 + seven =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.