Assamleatest updatenationalSocial

দিনক দিনে দিল্লীত বৃদ্ধি পাইছে শীতৰ প্ৰকোপ। শুকুৰবাৰে দিল্লীত ৫ ডিগ্ৰী তললৈ হ্ৰাস পাইছে শীতৰ মাত্ৰা।

হিমাচল প্ৰদেশৰ ৰাজধানী চিমলাকো ঠাণ্ডাত পৰাজিত কৰিছে দিল্লীয়ে

আৰম্ভ হ’ল পুহ মাহ। পুহ মাহৰ আৰম্ভণিৰে পৰা বৃদ্ধি পাইছে শীতৰ মাত্ৰা। যোৱা কেইদিনমানৰ পৰা দিল্লীত তীব্ৰ ঠাণ্ডাৰ অনুভৱ হৈছে। কুঁৱলীয়ে ঢাকি পেলাইছে ৰাজধানী দিল্লী। কেৱল দিল্লীয়ে নহয় উত্তৰ প্ৰদেশ,পঞ্জাৱকে ধৰি উত্তৰ ভাৰতৰ বহুকেইখন ৰাজ্যত যোৱাবাৰৰ তুলনাত বৃদ্ধি পাইছে শীতৰ প্ৰকোপ। এইবাৰ হিমাচল প্ৰদেশৰ ৰাজধানী চিমলাকো ঠাণ্ডাত পৰাজিত কৰিছে দিল্লীয়ে। বতৰ বিজ্ঞান বিভাগৰ মতে, শুক্ৰবাৰে পুৱা দিল্লীত শীতৰ প্ৰকোপ আছিল ৪.৯ ডিগ্ৰী চেলচিয়াছ।

উল্লেখ্য যে, হিমালয়ত কেইবাডিগ্ৰীও তলতৈ হ্ৰাস পাইছে ষাতৰ মাত্ৰা। তাৰ ফলত আৰম্ভ হৈছে তুষাৰপাতৰ। উত্তৰ ভাৰতৰ কেইবাখনো ৰাজ্য আৰম্ভ হৈছে তুষাৰপাত। যাৰ ফলত দিল্লী, পঞ্জাৱ,হাৰিয়ানাৰ দৰে ৰাজ্যসমুহত বৃদ্ধি পাইছে শাতৰ প্ৰকোপ।

prathamkhabarnews

প্ৰথম খবৰ 24/7 হৈছে অসমীয়া ছেটেলাইট নিউজ চেনেল 'নিউজ টাইম অসম'ৰ ৱেব চাইট। যি আপোনাক স্থানীয় আৰু লগতে দেশ-বিদেশৰ শেহতীয়া খবৰ দি থাকে।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

7 + 2 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.