অপৰাধঅসমঅসম আৰক্ষী

আৰক্ষী স্বামীয়ে কিয় ছাৰ্ভিচ পিষ্টলেৰে গুলীয়ালে নিজ পত্নীক?

পত্নী জয়শ্ৰী চেতিয়াক নিজ পিষ্টলেৰে গুলীয়াই হত্যা কৰিলে বিকি চেতিয়া নামৰ আৰক্ষী জোৱানজনে

চাঞ্চল্যকৰ ঘটনা। আৰক্ষী স্বামীয়ে ছাৰ্ভিচ পিষ্টলেৰে গুলীয়াই হত্যা কৰিলে পত্নীক। এইখন অসমতে সংঘটিত হৈছে আন এক ভয়ংকৰ ঘটনা। পত্নী জয়শ্ৰী চেতিয়াক নিজ পিষ্টলেৰে গুলীয়াই হত্যা কৰিলে বিকি চেতিয়া নামৰ আৰক্ষী জোৱানজনে।

বিদেশী ন্যায়াধীকৰণ আদালতৰ মেম্বাৰ মল্লিকা দত্তৰ PSO বিকি চেতিয়াই কিহৰ বাবে এই ঘটনা সংঘটিত কৰিলে সেয়া ৰহস্যৰ আৱৰ্তত। আৰক্ষীৰ তদন্তৰ অন্ততহে পোহৰলৈ আহিব ডিব্ৰুগড় আৰক্ষী ছাউনীত সংঘটিত হোৱা এই ঘটনাৰ প্ৰকৃত তথ্য।

আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে অভিযুক্ত হত্যাকাৰী স্বামী বিকি চেতিয়াক। ডিব্ৰুগড় আৰক্ষী ছাউনীত সংঘটিত হৈছে এই ঘটনা। নিশা প্ৰায় ১ বজাত এই হত্যাকাণ্ড সংঘটিত কৰে বিকি চেতিয়াই।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

three × five =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.