Government SchemeSocial

সন্তানক লগত লৈ বাইক চলোৱাসকললৈ ডাঙৰ খবৰ, চৰকাৰে জাৰি কৰিছে নতুন নিয়ম…

নতুন নিয়মাৱলী অনুসৰি ৯ মাহৰ পৰা ৪ বছৰীয়া শিশুৱে দুচকীয়া বাহনেৰে যাত্ৰা কৰিলে পালন কৰিব লাগিব কিছু নিয়ম, অন্যথা ভৰিব লাগিব জৰিমনা।

বাইক চলোৱা লোকসকলৰ বাবে ভাৰতৰ পথ পৰিবহণ আৰু ঘাইপথ মন্ত্ৰালয়ে জাৰি কৰিছে নতুন নিৰ্দেশনা। শিশুসকলৰ পথ সুৰক্ষাৰ বাবে জাৰি কৰা হৈছে নতুন নিয়মাৱলী। নতুন নিয়মাৱলী অনুসৰি ৯ মাহৰ পৰা ৪ বছৰীয়া শিশুৱে দুচকীয়া বাহনেৰে যাত্ৰা কৰিলে পালন কৰিব লাগিব কিছু নিয়ম, অন্যথা ভৰিব লাগিব জৰিমনা।

 

বাইকেৰে যাত্ৰা কৰাৰ সময়ত ৯মাহৰ পৰা ৪ বছৰীয়া শিশুৱে পৰিধান কৰিব লাগিব Safety Harness(সুৰক্ষা হাৰ্নেছ)। Safety Harness পাতল, জলৰোধী আৰু কুশ্বনেৰে সজ্জিত হ’ব লাগে, যাতে শিশুটোৱে আৰাম কৰিব পাৰে। লগতে, ইয়াৰ ক্ষমতা ৩০ কিগ্ৰা.লৈকে হ’ব লাগে।

 

Safety harnessৰ লগতে শিশুসকলে হেলমেট পিন্ধাটোও জৰুৰী। লগতে, শিশুৰ সৈতে দুচকীয়া বাহনেৰে যাত্ৰা কৰাৰ সময়ত অধিকতম বেগ প্ৰতি ঘণ্টাত ৪০ কিমি.তকৈ অধিক হ’ব নালাগে বুলি উল্লেখ কৰিছে ভাৰতৰ পথ পৰিবহণ আৰু ঘাইপথ মন্ত্ৰালয়ে।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

4 × 3 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.