অসমগুৱাহাটীদৈনিক বাতৰিধৰ্মীয়ধাৰ্মিকভাৰতমনোৰঞ্জন

আজি পবিত্ৰ ৰাখী পূৰ্ণিমা, আহক জানো ৰাখী বন্ধনৰ তাৎপর্যৰ বিষয়ে

আজি পবিত্ৰ ৰাখী বন্ধন। দেশৰ এক অন্যতম প্ৰধান উৎসৱ হিচাপে গণ্য কৰা হয় ৰাখী বন্ধনক।

৩০ আগষ্ট অৰ্থাৎ আজিৰ পৰা আৰম্ভ হ’ব পবিত্ৰ ৰাখী পূৰ্ণিমা। ৰাখী বন্ধনৰ পূৰ্ণিমা তিথি আজি পুৱা ১০.৪৮ বজাৰ পৰা আৰম্ভ হৈ ৩১ আগষ্ট পুৱা ৭.০৬ বজালৈ চলি থাকিব।

অৱশ্যে ইয়াৰ ক্ষেত্ৰত বহু জ্যোতিষীৰ মতত পাৰ্থক্য থকাও পৰিলক্ষিত হয়। পঞ্জিকা মতে ৰাখী বন্ধাৰ সঠিক সময় ৩০ আগষ্ট পুৱা ৯ বজাৰ পৰা দুপৰীয়া ১ বজালৈ শুভ।

আজি দেশজুৰি উদযাপন কৰা হৈছে এই উৎসৱ। ভাতৃ-ভগ্নীসকলৰ বাবে ৰাখীবন্ধন এক গুৰুত্বপূৰ্ণ উৎসৱ। এই দিনটোত ভগ্নীসকলে প্ৰেমৰ প্ৰতীক হিচাপে নিজ ভাতৃসকলৰ হাতত ৰাখী তথা পবিত্ৰ সূতা বান্ধে। ইয়াৰ বিনিময়ত ভাতৃসকলেও ভগ্নীক উপহাৰ আগবঢ়ায় আৰু তেওঁলোকক গোটেই জীৱন সুৰক্ষা দিয়াৰ প্ৰতিশ্ৰুতি দিয়ে।

ৰাখী বন্ধনক হিন্দীত “रक्षाबंधन” বুলি কোৱা হয়, যাৰ আক্ষৰিক অনুবাদ হৈছে “ৰক্ষাৰ বান্ধোন”। পৰাম্পৰাগতভাৱে ভগ্নীয়ে ভাতৃৰ হাতত ৰাখী বান্ধি দিয়ে আৰু বিনিময়ত ভাতৃয়ে ভগ্নীক ৰক্ষাৰ প্ৰতিজ্ঞা কৰে।

আনহাতে, ভাৰতীয় ইতিহাসতো এই উৎসৱৰ তাৎপর্য আছে। যুদ্ধৰ আগতে যোদ্ধাসকলৰ সুৰক্ষাৰ বাবে সুৰক্ষামূলক সূতা বান্ধি দিয়া হৈছিল। হিন্দু পৌৰাণিক কাহিনীত এনেকুৱা কাহিনী আহিছে যিয়ে ভাই-ভনীৰ মাজত বন্ধনৰ গুৰুত্ব দেখুৱাই সুৰক্ষা, প্ৰেম, আৰু সন্মানক সুৰক্ষা বন্ধনৰ ধাৰণা হিচাপে উজ্জ্বল কৰি তুলিছে।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

17 − four =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.