Assamleatest updateSocial

কৰিমগঞ্জত চাঞ্চল্যকৰ ঘটনা;মাটিৰ তলৰ পৰা অবিৰতভাৱে জ্বলিছে জুই

অবিৰতভাৱে গেছ নিৰ্গমন আৰু জুইক লৈ স্থানীয় ৰাইজৰ মাজত আতংকময় পৰিস্থিতি।

কৰিমগঞ্জত মাটিৰ তলৰ পৰা অহৰহ নিৰ্গত হৈছে গেছ। গেছ নিৰ্গত হৈ অবিৰতভাৱে জ্বলিছে জুই। গেছ নিয়ন্ত্ৰণৰ বাবে প্ৰশাসনে লোৱা নাই ব্যৱস্থা। যিকোনো মুহূৰ্তত ভয়াৱহ অঘটনৰ আশংকা।

কৰিমগঞ্জৰ পাথাৰকান্দি সমষ্টিৰ ডেঙ্গাৰবন্দ জিপিৰ অন্তৰ্গত গোপালপুৰ গাওঁৰ কেইবাটা স্থানত মা‌টিৰ পৰা গেছ নিৰ্গত হোৱাৰ বাবে অবিৰতভাৱে জ্বলিছে জুই। অবিৰতভাৱে গেছ নিৰ্গমন আৰু জুইক লৈ স্থানীয় ৰাইজৰ মাজত আতংকময় পৰিস্থিতি। উল্লেখ্য যে ৩০ বছৰৰ পূৰ্বে ONGCৰ অনুসন্ধা‌নত উক্ত স্থানত প্রচুৰ প‌ৰিমাণে লাভ কৰিছিল লবণযুক্ত পানী আৰু ‌মি‌থেন গেছৰ উপস্থিতি। সেয়েহে এই স্থানত এতিয়াও যথেষ্ট পৰিমাণৰ মিথেন গেছ থকাৰ সন্দেহ স্থানীয়ৰ। এইক্ষেত্ৰত বিভাগীয় কৰ্তৃপক্ষক ব্যৱস্থা ল’ৱলৈ আহ্বান ৰাইজৰ।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

six − five =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.