Socialঅসমস্বাস্থ্য

নিচাসক্ত লোকক নিচামুক্ত কৰাৰ উদ্দেশ্যে ডিগবৈ পানবাৰীত ৰিকভাৰী চেন্টাৰ স্থাপন

চেন্টাৰটোত মানসিক শাৰীৰিক তথা বৌদ্ধিক বিকাশৰ প্ৰতি গুৰুত্ব প্ৰদান কৰা হৈছে

নিচাসক্ত লোকক নিচামুক্ত কৰাৰ উদ্দেশ্যে ডিগবৈ পানবাৰীত ৰিকভাৰী চেন্টাৰ স্থাপন৷

ৰাজ্যৰ আন আন প্ৰান্তৰ লগতে তৈলনগৰী ডিগবৈতো এচাম যুৱ প্ৰজন্মই নিচাসক্ত দ্ৰব্যৰ নিচা ৰাগীত মাতাল হৈ থকা পৰিলক্ষিত হৈছে৷ নিচাৰ ৰাগীত মাতাল হৈ এতিয়া যুবচামে চুৰ ডকাইত আদি কৰি বিভিন্ন অমানবীয় কৰ্মত লিপ্ত হৈ নিজৰ লগতে সমাজখনৰ বাবে এক ভয়ংকৰ পৰিস্থিতিৰ সৃষ্টি কৰিছে৷

ইয়াৰ প্ৰতি লক্ষ্য ৰাখি ডিগবৈ পানবাৰীত নিচাসক্ত লোকসকলক নিচামুক্ত কৰাৰ প্ৰয়াসেৰে ৰিকভাৰী ফাউণ্ডেচনে  এখন ৰিকভাৰী চেন্টাৰ স্হাপন কৰে৷

তিনিচুকীয়া জিলা স্বাস্থ্য বিভাগৰ তৰফৰ পৰা অনুমতি প্ৰাপ্ত ৰিকভাৰী চেন্টাৰখনৰ ডা° সন্দীপ দাস নামৰ চিকিৎসকজনে নিচাসক্ত যুৱকসকলৰ চিকিৎসা তথা স্বাস্থ্য পৰীক্ষা কৰাৰ লগতে ৰিকভাৰী চেন্টাৰটোত নিচাসক্ত সকলৰ মানসিক শাৰীৰিক তথা বৌদ্ধিক বিকাশৰ বাবে বিভিন্ন প্ৰকাৰ বিষয় সমুহৰ ওপৰত শৰীৰ চৰ্চা, মনোৰঞ্জনৰ বাবে বিভিন্ন খেল ধেমালি ইত্যাদি ব্যৱস্থা কৰাৰ কথা ৰিকভাৰী চেন্টাৰখনৰ পৰিচালকে অৱগত কৰে৷

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

one × three =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.