অপৰাধঅসমদুৰ্ঘটনা

আৰক্ষীয়ে জব্দ কৰা গাঞ্জা ভৰ্তি ট্ৰাকত কোনে অগ্নিসংযোগ কৰিলে? চাঞ্চল্য!!

সোমবাৰে শ্ৰীৰামপুৰ আৰক্ষীয়ে জব্দ কৰিছিল ৭০ লাখ টকা মূল্যৰ গাঞ্জা কঢ়িওৱা এখন ট্ৰাক। কোকৰাঝাৰৰ গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত গাঞ্জা-মফিয়াৰ দৌৰাত্ম্যৰ মাজতে নিশা গাঞ্জা কঢ়িওৱা ট্ৰাকত দুৰ্বৃত্তই অগ্নিসংযোগ কৰে

সোমবাৰে শ্ৰীৰামপুৰ আৰক্ষীয়ে জব্দ কৰিছিল ৭০ লাখ টকা মূল্যৰ গাঞ্জা কঢ়িওৱা এখন ট্ৰাক। কোকৰাঝাৰৰ গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত গাঞ্জা-মফিয়াৰ দৌৰাত্ম্যৰ মাজতে নিশা গাঞ্জা কঢ়িওৱা ট্ৰাকত দুৰ্বৃত্তই অগ্নিসংযোগ কৰে। ইপিনে নিশাই উক্ত ট্ৰাকৰ সৈতে সংযোগ থকা এগৰাকী সন্দেহযুক্ত গাঞ্জা সৰবৰাহকাৰী আৰক্ষীয়ে এনকাউণ্টাৰ কৰিছিল। এনকাউণ্টাৰত আহত লোকজন উত্তৰ প্ৰদেশৰ হৰেন্দ্ৰ যাদব (২৮) বুলি জানিব পৰা গৈছে৷

গুৱাহাটীৰ নিকটৱৰ্তী কোনো অঞ্চলৰ পৰা গাঞ্জাখিনি পশ্চিম বংগৰ কোচবিহাৰলৈ সৰবৰাহ কৰাৰ সময়ত চোৰাং গাঞ্জাসহ দুজনক আটক কৰা হৈছিল। কিন্তু নিশাৰ ভিতৰতে জব্দ কৰা ট্ৰাকখনত কোনোবা অজ্ঞাত দুৰ্বৃত্তই অগ্নি সংযোগ কৰাৰ ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

20 − 10 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.