অসমগুৱাহাটীচিকিৎসাভাৰত

প্ৰৱঞ্চকৰ ৰূপত এইবাৰ GMCHৰ চিকিৎসক-কৰ্মচাৰী !

GMCHত দালালৰ ৰূপত চিকিৎসক, কৰ্মচাৰী। চিকিৎসাৰ নামত ৰোগীক ভয়ংকৰ প্ৰৱঞ্চনা এটা চক্ৰৰ।

সাধাৰণ ৰোগীৰ চিকিৎসাৰ অন্যতম থলী গুৱাহাটী মেডিকেল কলেজ হাস্পতাল ৷ বহু সুবিধাৰে পুষ্ট GMCHত কিন্তু ৰোগীৰ অজ্ঞাতে একাংশ চিকিৎসকে চলায় দালালি ৷ তেনে এক চক্ৰৰ বিৰুদ্ধে কঠোৰ হৈছে GMCH কৰ্তৃপক্ষ ৷ কিন্তু কেনেদৰে ৰোগীৰ আত্মীয়ক কৰে প্ৰৱঞ্চনা ?

GMCHত দালালৰ ৰূপত চিকিৎসক, কৰ্মচাৰী। চিকিৎসাৰ নামত ৰোগীক ভয়ংকৰ প্ৰৱঞ্চনা এটা চক্ৰৰ। প্ৰৱঞ্চনাত জড়িত হৈ বৰ্খাস্ত হ’ল এজন কৰ্মচাৰী। তীক্ষ্ণ নজৰত আছে বহুকেইজন চিকিৎসকো। পুনৰ পোহৰলৈ আহিছে GMCHৰ আন এক ক’লা অধ্যায় ৷ ভগৱানৰূপী চিকিৎসকেই অৱতীৰ্ণ হৈছে দালালৰ ৰূপত ৷ যি ঘটনা পোহৰলৈ অহাৰ লগে লগে চিকিৎসক, চিকিৎসাকৰ্মীসহ এটা চক্ৰক তীক্ষ্ণ নজৰত ৰাখিছে অধীক্ষক অভিজিত শৰ্মাই ৷ কেনেদৰে প্ৰৱঞ্চনা কৰে ৰোগীক। GMCH লৈ অহা কোনো ৰোগী জৰুৰীকালীন সেৱাৰ বিভাগত ভৰ্তি হ’লে ৰোগীৰ আত্মীয়ক ক্লীপ নামৰ এবিধ চিকিৎসা সামগ্ৰী ক্ৰয়ৰ বাবে নিৰ্দেশ দিয়ে ৷ যিটো সামগ্ৰীৰ মূল্য ৩৫ হাজাৰ টকা। সেই টকা জমা দিয়াৰ পাচতেই যোগান ধৰা প্ৰতিষ্ঠানটোক পুনৰ বিক্ৰী কৰি দিয়ে চক্ৰটোৱে ৷

উল্লেখ্য যে এনে অপকৰ্মত জড়িত থকাৰ অভিযোগত ৰুবুল কলিতা নামৰ কৰ্মচাৰীজনক বৰ্খাস্ত কৰিছে অধীক্ষক অভিজত শৰ্মাই ৷ কেৱল ৰুবুল কলিতাই নহয়, চক্ৰটোত জড়িত থকাৰ অভিযোগ চিকিৎসক ডা: ধ্ৰুৱ দাস, ডা: নয়ন, ডা: মানস, চিকিৎসা কৰ্মী জয়ন্ত ডেকা, নীৰেণ ডেকা, হেমন্ত কলিতা আৰু পৱন কলিতা ।

ইতিমধ্যে এই সকলো প্ৰৱঞ্চনাৰ তথ্য আৰক্ষীক অৱগত কৰিছে অধীক্ষকগৰাকীয়ে ৷ লগতে চক্ৰটোৰ বিৰুদ্ধে তদন্ত কৰি ব্যৱস্থা গ্ৰহণ কৰিবলৈও আহ্বান জনাইছে আৰক্ষীক ৷ প্ৰশ্ন হয় সকলোৱে ভগৱান বুলি ভবা চিকিৎসকৰ এনে নিৰ্লজ্জ কাণ্ড কিয়? সাধাৰণ ৰোগীৰ প্ৰতি কিয় তিলমানো অনুকম্পা নাই এনে চিকিৎসকৰ ৷ কেইটামান টকাৰ বাবেই ৰোগীৰ লগত খেলা এনে হেতালি বন্ধ হ’বনে? নে চলিয়েই থাকিব এনে অপকৰ্ম ৷

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

12 + thirteen =

Back to top button