অসম

বিবাহৰ দিনা কইনা ঘৰত উপস্থিত নহল দৰা! কিন্তু কিয়?

বিয়াৰ মাজতে কইনালৈ আহিল হঠাৎ ফোন; ছোৱালী নিবলৈ নাহে দৰা!

বিয়াৰ বাবে উখল- মাখল পৰিৱেশ। কইনাৰ ঘৰ আছিল হাউলী খাটালপাৰাৰ আৰু দৰাৰ ঘৰ আছিল গুৱাহাটী হেঙেৰাবাৰী লিচুবাগানৰ। লিচুবাগানৰ দিব্যজ্যোতি তালুকদাৰৰ সৈতে বৃহস্পতিবাৰে হ’বলগীয়া আছিল বিয়া। বিবাহৰ সম্পুৰ্ণ আয়োজন চলিছিল খাটালপাৰাৰ যুৱতীৰ ঘৰত। কিন্তু তাৰ মাজতেই লাগিল অথন্তৰ! বিবাহৰ দিনা কইনা ঘৰত উপস্থিত নহল দৰা। কইনা ঘৰত ফোন কৰি জনোৱা হল বিয়া কৰাবলৈ নাহে দৰা। কিন্তু কিয়? বিবাহ হব লাগিলে কইনাৰ পৰিয়ালে উকা দলিলত চহী কৰি দিব লাগিব দৰা ঘৰত। দৰাচলতে বিবাহ ঠিক হোৱাৰ পিছৰে পৰা কইনাৰ ঘৰত যৌতুক বিচাৰি ব্যতিব্যস্ত কৰিছিল দৰাৰ পৰিয়ালে। উল্লেখ্য যে যৌতুকৰ বাবেই এনে অনাকাংশিত ঘটনা সংঘটিত হোৱাৰ দাবী কইনাৰ পৰিয়ালৰ। ঘটনাৰ পিছতে শোকত ভাগি পৰিছে পৰিয়ালটো। ঘটনা সন্দৰ্ভত আইনৰ কাষ চাপিব বুলি জনায় পৰিয়ালটোৱে।

 

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

14 − ten =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.