অপৰাধঅসমদৈনিক বাতৰি

নগালেণ্ড সীমান্তৰ উৰিয়ামঘাটত চাঞ্চল্য! একেটা পঞ্জীয়ণ নম্বৰৰে চলিছে দুখনকৈ ১০ চকীয়া ডাম্পাৰ!

পৰিবহন বিভাগ, আৰক্ষী আৰু বন বিভাগৰ চকুত ধূলি দি ডাম্পাৰ  দুখনে ধনশিৰি মহকুমাৰ অসম নাগালেণ্ড সীমান্তৰ ননেফানীৰ পৰা সৰবৰাহ কৰিছিল শিল

ধনশিৰি মহকুমাৰ অসম নগালেণ্ড সীমান্তৰ উৰিয়ামঘাটত চাঞ্চল্য। একেটা পঞ্জীয়ণ নম্বৰকে ব্যৱহাৰ কৰি চলাই থকা ভাৰতবেঞ্জ কোম্পানীৰ দুখনকৈ ১০ চকীয়া ডাম্পাৰ জব্দ কৰিলে আৰক্ষীয়ে।

পৰিবহন বিভাগ, আৰক্ষী আৰু বন বিভাগৰ চকুত ধূলি দি ডাম্পাৰ  দুখনে ধনশিৰি মহকুমাৰ অসম নাগালেণ্ড সীমান্তৰ ননেফানীৰ পৰা সৰবৰাহ কৰিছিল শিল। জব্দ কৰা ডাম্পাৰ দুখনে ব্যৱহাৰ কৰিছিল ৰাজস্থানত পঞ্জীয়নভুক্ত RJ-14-GK-2994 নম্বৰটো।

উল্লেখ্য যে, একেটা পঞ্জীয়ণ নম্বৰৰে চলাই থকা ১০ চকীয়া ডাম্পাৰ দুখনৰ স্বত্বাধিকাৰী ৰাজস্থানৰ। কৰ ফাঁকি দিয়া ফাইনেন্স আৰু ইঞ্চুৰেঞ্চ কোম্পানীৰ পৰা বাচিবলৈকে ডাম্পাৰৰ গৰাকীয়ে এনে কাণ্ড সংঘটিত কৰা বুলি অভিযোগ ধনশিৰি মহকুমা আৰক্ষীৰ।। ছাত্ৰ মুক্তিৰ এজাহাৰৰ ভিত্তিত ডাম্পাৰৰ মালিকৰ বিৰুদ্ধে গোচৰ পঞ্জীয়ন হৈছে উৰিয়ামঘাট থানাত।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

2 + seventeen =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.