Assamassam policeCMO AssamInternationalnationalPMo indiapoliticalRegionalSocialSocial Networksolar eclipseঅৰ্থনৈতিকঅসমআঞ্চলিকআন্তঃৰাষ্ট্ৰীয়দিল্লীদৈনিক বাতৰিবিশ্ব

কাৰাগাৰত অসুস্থ কেজৰিৱাল

'মোক অপমান কৰিবলৈ গ্ৰেপ্তাৰ কৰা হৈছে'

যোৱা কিছু দিন ধৰি দিল্লীৰ মুখ্যমন্ত্ৰীৰ সামাজিক মাধ্যমত সৰব চৰ্চা চলিছে লগতে দেশৰ বিভিন্ন প্ৰান্তত কৰিছে প্ৰতিবাদ । সুৰা কেলেংকাৰী গোচৰত অভিযুক্ত দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱাল বৰ্তমান তিহাৰ কাৰাগাৰত বন্দী হৈ আছে । কাৰাগাৰত থকা কেজৰিৱালৰ স্বাস্থ্যৰ যথেষ্ট অৱনতি ঘটিছে বুলি দাবী কৰিছে আম আদমি পাৰ্টিৰ নেতাসকলে । দলটোৱে প্ৰকাশ কৰা অনুসৰি কেজৰিৱালে এই কেইটান দিনতে ৪ কেজি ওজন হ্ৰাস পাইছে বুলি উল্লেখ কৰিছে । ২১ মাৰ্চত EDয়ে গ্ৰেপ্তাৰ কৰিছিল কেজৰিৱালক। তাৰ পাছৰ পৰাই তেওঁৰ শাৰীৰক অৱস্থা দুৰ্বল হৈ পৰিছে । ‘মোক অপমান কৰিবলৈ গ্ৰেপ্তাৰ কৰা হৈছে’ শেষতীয়াকৈ এই মন্তব্য দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালৰ। দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে বুধবাৰে পুৱা EDক কটাক্ষ কৰি এই মন্তব্য কৰে । তেওঁ কয় যে, গ্ৰেপ্তাৰৰ উদ্দেশ্য কেৱল মোক অপমান কৰা। মোক অক্ষম কৰিবলৈ গ্ৰেপ্তাৰ কৰা হৈছে বুলি মন্তব্য কৰিছে মুখ্যমন্ত্ৰী কেজৰিৱালে ।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

ten + twelve =

Back to top button