Assamleatest updateRegionalSocialweather

এজাক বৰষুণতে ডুব গ’ল মহানগৰীৰ আভিজাত্য।

ৰাজ্যৰ ভিন্ন প্ৰান্তত ধুমুহাৰ তাণ্ডৱ; কেইবাখনো জিলাত সতৰ্কবাণী জাৰি।

উৎকট গৰমৰ মাজত ধৰালৈ নামিল এজাক মুষলধাৰ বৰষুণ। এজাক বৰষুণতে ডুব গ’ল মহানগৰীৰ আভিজাত্য। ঠায়ে ঠায়ে ৰাজপথৰ ওপৰত কৃত্ৰিম বান। চানমাৰি, ৰাজগড় আদি অঞ্চলত জলমগ্ন পথ। বৰষুণৰ ফলত জলমগ্ন জু-ৰোডৰো একাংশ। ঠায়ে ঠায়ে গছ বাগৰি ব্যাহত বিদ্যুৎ সেৱা। গীতানগৰত গাড়ীৰ ওপৰত বাগৰি পৰিল প্ৰকাণ্ড গছ। গছ বাগৰি পৰি ক্ষতিসাধন হয় এখন বাহনৰ।

বঙাইগাঁৱতো গছ ভাঙি মৃত্যু হয় এজনৰ। অটোৰ ওপৰত ভাঙি পৰিল এজোপা প্ৰকাণ্ড গছ। ঘটনাস্থলীতে নিহত অটোখনৰ এজন যাত্ৰী। নিহত যাত্ৰীজনক চিত্তৰঞ্জন শৰণীয়া বুলি চিনাক্ত। ঘটনাত ধ্ৰুৱজ্যোতি মেছ নামৰ আন এজন লোক আহত হয়।

উল্লেখ্য যে, বতৰ বিজ্ঞান কেন্দ্ৰই জনোৱা অনুসৰি ৰাজ্যত প্ৰৱল বৰষুণৰ হোৱাৰ সম্ভাৱনা আছে। বৰষুণৰ লগতে ধুমুহা-গাজনিৰো সম্ভাৱনা। বাক্সা, চিৰাং, দৰং, কামৰূপ(ম) ধুমুহা-বৰষুণৰ সম্ভাৱনা মৰিগাঁও, নগাঁৱতো ধুমুহা-বৰষুণৰ সম্ভাৱনা। সতৰ্কতামূলক জাননী জাৰি কৰিলে বতৰ বিজ্ঞান কেন্দ্ৰই।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

5 × 1 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.