অসমঅসম আৰক্ষী

সোণাৰিত নগা যুৱকৰ পৰা উদ্ধাৰ বৃহৎ পৰিমাণৰ গাঞ্জা

অসম-নাগালেণ্ড সীমান্তৱৰ্তী নিমনাগড় অঞ্চলৰ আময়ং কন্যাক নামৰ এজন নগা যুৱকে এখন স্কুটীত কঢ়িয়াই নিছিল এই গাঞ্জাখিনি।

চৰাইদেউ জিলাৰ সোণাৰিৰ সমীপৱৰ্তী টাউকাক চাহ বাগিচাত গাঞ্জা বিৰোধী অভিযান। নগা যুৱকৰ পৰা উদ্ধাৰ বৃহৎ পৰিমাণৰ গাঞ্জা।

শনিবাৰে দিনৰ ভাগত নামতোলা আৰক্ষী থানাৰ অন্তৰ্গত টাউকাক চাহ বাগিচাত উদ্ধাৰ কৰা হয় দহ কেজি ওজনৰ গাঞ্জা। অসম-নাগালেণ্ড সীমান্তৱৰ্তী নিমনাগড় অঞ্চলৰ আময়ং কন্যাক নামৰ এজন নগা যুৱকে এখন স্কুটীত কঢ়িয়াই নিছিল এই গাঞ্জাখিনি।

নামতোলাৰ পৰা ক্ৰয় কৰি গাঞ্জাখিনি লৈ যোৱাৰ সময়তে আটছা আৰু আছা কৰ্মীয়ে আটক কৰে নগা যুৱকজনক। পৰৱৰ্তী সময়ত যুৱকজনক নামতোলা আৰক্ষী থানাত গতাই দিয়ে কৰ্মীসকলে।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

2 × 2 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.