Assamleatest updateSocialঅসম

এইবাৰ মাদ্ৰাছাত চলিল প্ৰশাসনৰ হাতোৰা!

মাদ্ৰাছাৰ নথি পত্ৰত বিসংগতিৰ বাবে উচ্ছেদ মছজিদ কমিটিৰ...

তিনিচুকীয়াত অবৈধভাৱে নিৰ্মাণ কৰা মাদ্ৰাছাত মছজিদ কমিটি, প্ৰশাসনৰ হাতোৰা। লোহাৰী কছাৰী গাঁৱত দুমাহৰ পূৰ্বে স্থাপন হৈছিল মাদ্ৰাছাখন। মাদ্ৰাছাৰ নথি পত্ৰত বিসংগতি প্ৰত্যক্ষ কৰি মাদ্ৰাছাখন উচ্ছেদ কৰে মছজিদ কমিটিয়ে।

মছজিদ কমিটিক উচ্ছেদত সহযোগ কৰে তিনিচুকীয়া প্ৰশাসনে। মাদ্ৰাছা স্থাপনৰ ক্ষেত্ৰত জ্ঞাত নাছিল গাঁওপ্ৰধান। নুৰুল আমিন নামৰ এজন ঠিকাদাৰৰ ভূমিত স্থাপন কৰা হৈছিল মাদ্ৰাছাখন। পৰৱৰ্তী সময়ত মাদ্ৰাছাখনৰ ইমামগৰাকীক লৈ সন্দেহ ওপজে গাওঁবাসীৰ। নথি পত্ৰ পৰীক্ষা কৰাত ইমামৰ ভোটাৰ কাৰ্ড আৰু আধাৰ কাৰ্ডৰ ঠিকনাৰ বিসংগতি পোহৰলৈ আহে।

উল্লেখযোগ্য যে, ১০ আগষ্টত গাওঁবাসীৰ লগতে দল- সংগঠন ঘটনাস্থলীত উপস্থিত হোৱাত নিশাৰ ভিতৰত পলায়ন কৰে ইমামজনে। এই মাদ্ৰাছাখনৰ সন্দৰ্ভত গাঁওবাসী আৰু বীৰ লাচিত সেনাই তাৎক্ষণিকভাৱে আৰক্ষীক অৱগত কৰাত পৰৱৰ্তী সময়ত প্ৰশাসনে চলালে উচ্ছেদ।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

10 − 6 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.