অসমআন্তঃৰাষ্ট্ৰীয়আমেৰিকাইজিপ্তগুৱাহাটীদৈনিক বাতৰিপৰ্যটনবিশ্বভাৰতৰাজনৈতিক

আমেৰিকা ভ্ৰমণ সামৰি ইজিপ্তলৈ ৰাওনা প্ৰধানমন্ত্ৰী মোদী

আমেৰিকা ভ্ৰমণসূচী সামৰি ইজিপ্তলৈ ওৰা মাৰিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী।

ইজিপ্তত তেওঁ দুটা দিন অতিবাহিত কৰিব।

প্ৰধানমন্ত্ৰী মোডীৰ এয়া প্ৰথম ইজিপ্ত ভ্ৰমণ।

এই ভ্ৰমণৰ সময়ছোৱাতেই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিব দ্বিতীয় বিশ্বযুদ্ধৰ সময়ত ইজিপ্তৰ হৈ আত্মবলিদান দিয়া বহু ভাৰতীয় সেনাক।

ইয়াৰ বাবে তেওঁ ভ্ৰমণ কৰিব হেলিঅ’পলিছ ৱাৰ গ্ৰেভ সমাধিক্ষেত্ৰ।

ইজিপ্ত ভ্ৰমণৰ সময়ছোৱাতে প্ৰধামন্ত্ৰী মোডীয়ে পৰিদৰ্শন কৰিব ১১ শতিকাৰ আল-হাকিম মছজিদ।

ইজিপ্ত ভ্ৰমণৰ দ্বিতীয় তথা অন্তিমটো দিনত তেওঁ ৰজধানী কাইৰোত থকা এই মছজিদ পৰিদৰ্শন কৰিব।

মছজিদটোত তেওঁ প্ৰায় আধা ঘণ্টা সময় অতিবাহিত কৰিব।

উল্লেখ্য, এই মছজিদৰ আছে এক ইতিহাস।

বিশ্বৰ প্ৰসিদ্ধ এই মছজিদ ১৬ সংখ্যক ফাতিমিদ খলিফা আল-হাকিম বাই-আমৰ আল্লাৰ নামেৰে নামকৰণ কৰা হৈছে।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

nine + fourteen =

Back to top button