অপৰাধঅসমখাদ্যজন্তুদৈনিক বাতৰিবন্যপ্ৰাণী

এইবাৰ বাঘে মানুহক নহয়, মানুহে খালে বাঘ! এই ঘটনা ঘটিল এইখন অসমতে…

পাকঘৰত ওলাল বাঘৰ দাঁত, নখৰ লগতে বহু অংগ

এইবাৰ বাঘে মানুহক নহয়, মানুহে খালে বাঘক। এই ঘটনা ঘটিল অসমত। পাকঘৰত ওলাল বাঘৰ দাঁত, নখৰ লগতে বহু অংগ।

জানিব পৰা মতে, ঘটনাটো সংঘটিত হৈছে টীয়ক আৰক্ষী থানাৰ অন্তৰ্গত ৰাজৈ ঘোগোৰামুখত। মৃত নাহৰফুটুকী বাঘৰ ঠেং,নেজ ৰান্ধি খালে দুই দুৰ্বৃত্তই।

শুকুৰবাৰে বিয়লি ৰাজৈ ঘোগোৰামুখৰ বোধেশ্বৰ বেদীয়া নামৰ এজন শ্ৰমিকে সমীপৰে এটা হোলাত প্ৰতক্ষ কৰে এটা মৃত নাহৰফুটুকী। শ্ৰমিকজনে হাতত থকা নেলীয়া কটাৰীৰে মৃত বাঘটোৰ এখন ঠেং, নেজ ,দাঁত, নোম আদি কৰি বহু অংশ কাটি ঘৰলৈ‌ লৈ আহে আৰু ঠেং আৰু নেজডাল ৰান্ধি ভক্ষণ কৰা বুলি আৰক্ষীৰ আগত স্বীকাৰ কৰে।
মৃত বাঘটোৰ বহু অংগ নেদেখি সন্দেহ হোৱা ক্ষীপ্ৰতাৰে তদন্ত চলাই যোৱানিশা অভিযুক্ত বোধেশ্বৰ বেদিয়া আৰু জিতেন নায়কক গ্ৰেপ্তাৰ কৰে।

দুই অভিযুক্তই মৃত বাঘটোৰ ঠেং, নেজ খোৱাৰ কথা স্বীকাৰ কৰিছে আৰু বোধেশ্বৰ বেদিয়াৰ পাকঘৰৰ পৰা বাঘটোৰ দাঁত, মুখৰ নোম আদি উদ্ধাৰ কৰে।

ইতিমধ্যে মৃত নাহৰফটুকীটোৰ অৱশিষ্ট শৱদেহ ইতিমধ্যে যোৰহাট বন সংমণ্ডলে চমজি লৈ সৎকাৰৰ ব্যৱস্থা কৰে। এই ঘটনাই সমগ্ৰ অঞ্চলটোতে চাঞ্চল্যৰ সৃষ্টি কৰিছে।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

five + 15 =

Back to top button