অসমবোলছবিসংগীত

লতাজীৰ মৃত্যুৰ খবৰে ম্ৰিয়মাণ কৰি তুলিছে দেশবাসীৰ লগতে ৰাজ্যবাসীকো! অসমৰ সৈতে কেনে সম্পৰ্ক আছিল লতাজীৰ?

কিয়নো লতা মংগেশকাৰৰ কণ্ঠত ঠাই পাইছিল অসমীয়া ভাষাৰ কেইটামান চিৰযুগমীয়া গান

লতাজীৰ মৃত্যুৰ খবৰে ম্ৰিয়মাণ কৰি তুলিছে দেশবাসীৰ লগতে ৰাজ্যবাসীকো। কিয়নো লতা মংগেশকাৰৰ কণ্ঠত ঠাই পাইছিল অসমীয়া ভাষাৰ কেইটামান চিৰযুগমীয়া গান।

অসম আৰু লতা মংগেশকাৰৰ যোগসূত্ৰৰ আঁৰত আছিল সংগীতশিল্পী, অসমৰ সুধাকণ্ঠ ভূপেন হাজৰিকা। ”অসমাপ্ত” নামৰ বাংলা চলচ্চিত্ৰৰ কামত ব্যস্ত থাকোঁতে ভূপেন হাজৰিকাই লগ পায় লতা মংগেশকাৰক। লতা মংগেশকাৰৰ মোহনীয় কণ্ঠ শুনি ভূপেন হাজৰিকাই নিজে পৰিচালনা কৰা ”এৰাবাটৰ সুৰ” নামৰ চলচ্চিত্ৰখনৰ বাবে গান গাবলৈ তেওঁক প্ৰস্তাৱ দিয়ে। ১৯৫৬ চনত কোকিল কণ্ঠী গায়িকাগৰাকীয়ে ভূপেন হাজৰিকাৰ ”এৰাবাটৰ সুৰ” বোলছবিৰ বাবে গীত গায়। এই গীতেই আছিল অসমৰ সৰ্বকালৰ জনপ্ৰিয় গীত ‘জোনাকৰে ৰাতি অসমৰে মাটি’। তাৰ পাছত আৰু বহুটো গীতত প্ৰাণ ভৰি সুৰ দিছিল লতা মংগেশকাৰে।

ইয়াৰ উপৰি লতা মংগেশকাৰে ভূপেন হাজৰিকাৰ বহুকেইটা গানৰ হিন্দী বা বাংলা সংস্কৰণত নিজৰ কণ্ঠ নিগৰাইছে।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

nineteen − eighteen =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.