অপৰাধঅসম

অভিনেত্ৰীয়ে সংঘটিত কৰিলে চুৰিকাণ্ড, লৈ গ’ল নগদ ধনৰ লগতে সোণৰ আ-অলংকাৰ!

ভাগ্যদেৱী থিয়েটাৰৰ পূৰ্বৰ অভিনেত্ৰীৰ বিৰুদ্ধে চুৰিৰ অভিযোগ

ভাগ্যদেৱী থিয়েটাৰৰ পূৰ্বৰ অভিনেত্ৰীৰ বিৰুদ্ধে চুৰিৰ অভিযোগ।

হাজোৰ কেতেকীবাৰীত আলহী খাবলৈ আহি অভিনেত্ৰীয়ে সংঘটিত কৰিলে চুৰিকাণ্ড। লৈ গ’ল নগদ ধনৰ লগতে সোণৰ আ-অলংকাৰ।

উল্লেখ্য যে, যোৱা নৱেম্বৰ মাহত হাজোৰ কেতেকীবাৰীত ভাগ্যদেৱী থিয়েটাৰে মঞ্চস্থ কৰিছিল নাট। সেই সময়ত স্থানীয় নৃপেন পাটোৱাৰী নামৰ লোকজনৰ ঘৰত আছিল অভিনেত্ৰী চিম্পী শইকীয়াই। সেই সময়ৰ পৰাই অভিনেত্ৰী গৰাকী ঘনিষ্ঠ হৈ পৰিছিল নৃপেন পাটোৱাৰীৰ পৰিয়ালৰ সৈতে। পাটোৱাৰীৰ পৰিয়ালৰে চিম্পীৰ, ফোনত প্ৰায়েই চলিছিল কথা বতৰা। আৰু ইয়াৰেই সুযোগ লৈ পুনৰ জানুৱাৰী মাহত মাঘ বিহু খাবলৈ বুলি নৃপেন পাটোৱাৰীৰ ঘৰ পাইছিলহি চিম্পী।

পাটোৱাৰীৰ পৰিয়ালটোৰ সৈতে বাৰ দিন অতিবাহিত কৰাৰ পাছত চিম্পীয়ে সুবিধা বুজি গডৰেজৰ পৰা নগদ ৫০ হাজাৰ টকাৰ লগতে প্ৰায় ডেৰ লাখ টকাৰ সোণৰ চেইন, আঙঠি আৰু কাণফুলি লৈ যায় চুৰি কৰি। এই গুৰুতৰ অভিযোগ উত্থাপন কৰিছে নৃপেন পাটোৱাৰীৰ পৰিয়ালৰ লোকে।

Pratham Khabar News

প্ৰথম খবৰ 24/7 হৈছে অসমীয়া ছেটেলাইট নিউজ চেনেল 'নিউজ টাইম অসম'ৰ ৱেব চাইট। যি আপোনাক স্থানীয় আৰু লগতে দেশ-বিদেশৰ শেহতীয়া খবৰ দি থাকে।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

nine + seven =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.