জীৱনশৈলীধৰ্মীয়

ৰেইকি চিকিৎসাৰ কথা শুনিছেনে আপুনি? ঔষধ অবিহনে লাভ কৰিব পাৰি আৰোগ্য

ৰেইকী চিকিৎসাৰ দ্বাৰা ঔষধ অবিহনে আৰু বিনা কষ্টেৰে বেমাৰৰ পৰা আৰোগ্য লাভ কৰিব পাৰি। সাধাৰণ ভাষাত ক'বলৈ গ'লে ৰেইকী প্ৰধানকৈ স্পৰ্শ চিকিৎসা

ৰেইকি চিকিৎসাৰ কথা শুনিছেনে আপুনি? ৰেইকী চিকিৎসাৰ দ্বাৰা ঔষধ অবিহনে আৰু বিনা কষ্টেৰে বেমাৰৰ পৰা আৰোগ্য লাভ কৰিব পাৰি।

সাধাৰণ ভাষাত ক’বলৈ গ’লে ৰেইকী প্ৰধানকৈ স্পৰ্শ চিকিৎসা। ৰেইকিৰ জড়িয়তে মহাজাগতিক প্ৰাণ শক্তিৰে চিকিৎসা সেৱা আগবঢ়োৱা হয়। এই পদ্ধতিৰে ইতিমধ্যে বহুলোকে আৰোগ্য লাভ কৰিছে। ৰেইকীয়ে কেৱল শাৰিৰীক সুস্থতাই প্ৰদান কৰাই নহয়, গতিময় জীৱনৰ নানান সমস্যাৰ পৰাও পৰিত্ৰাণ কৰে।

ৰেইকি হ’ল এক সহজ সৰল চিকিৎসা প্ৰণালী। ৰেইকিৰ অৰ্থ হ’ল ‘মহাজাগতিক প্ৰাণশক্তি’। আমি সকলোৱেই এক পৰমেশ্বৰৰ অস্তিত্বক বিশ্বাস কৰো- যিয়ে বিশ্বব্ৰহ্মাণ্ডক পৰিচালনা কৰি আছে। ৰেইকিয়ে সেই বিশ্বব্ৰহ্মাণ্ড পৰিচালনা কৰি থকাজনৰ পৰা কম্পনযুক্ত অদৃশ্য আধ্যাত্মিক শক্তি। ইয়াক স্পৰ্শৰ দ্বাৰা চিকিৎসা কৰাৰ বাবে প্ৰয়োগ কৰিব পাৰি।

ৰেইকিয়ে মানুহক যি কোনো বেমাৰ-আজাৰৰ লগতে যি কোনো বদ অভ্যাসৰ পৰাও মুক্ত হোৱাত সহায় কৰে। ই এক অত্যন্ত সহজ সৰল প্ৰক্ৰিয়া। বিভিন্ন ৰোগৰ আৰোগ্য সাধনৰ বাবে এজন ৰোগীৰ শৰীৰত থকা বিশেষ কিছুমান স্থানত ৰেইকি চিকিৎসাৰ দ্বাৰা উৰ্জ্জাৰ প্ৰৱাহ ঘটাই ৰোগৰ চিকিৎসা কৰা হয়।

সেই পদ্ধতিত এজন ৰেইকি মাধ্যমে কেৱল নিজৰ হাত দুখনৰ দ্বাৰা ৰোগৰ আৰোগ্য কৰে । এই প্ৰক্ৰিয়াত আন কোনো বস্তুৰে প্ৰয়োজন নহয় । ৰেইকি শিক্ষাৰ্থী এজনক ৰেইকি মাধ্যম বুলি কোৱা হয় । এই চিকিৎসা দেহত থকা সাতটা চক্ৰৰ ওপৰত প্ৰতিষ্ঠিত । এই সাতটা চক্ৰ মানৱ দেহৰ ৰাজহাড়ৰ মাজত গঢ় লোৱা কিছুমান শক্তিকেন্দ্ৰ।

ৰেইকিত দীক্ষা গ্ৰহণ কৰাৰ পাছত ৰেইকি মাধ্যম গৰাকীয়ে নিজৰ হাত দুখন নিজৰ ওপৰত অথবা অন্য ব্যক্তি বা ৰোগীৰ ৰোগগ্ৰস্ত অংগৰ ওপৰত ৰাখি ব্ৰহ্মাণ্ডৰ শক্তি আহৰণ কৰি সেই শক্তি শৰীৰৰ বিশেষ অসুস্থ অংগলৈ বোৱাই নিব পাৰে।
ৰেইকি সম্পূৰ্ণ বিজ্ঞানভিত্তিক এক চিকিৎসা পদ্ধতি । সত্য, নিষ্ঠা আৰু পদ্ধতিগত সাধনাৰ ফলতহে ইয়াৰ সুফল পোৱা যায়। এই চিকিৎসাৰ পদ্ধতি সাধনাৰ ওপৰত নিৰ্ভৰশীল । এই সাধনাই এজন ব্যক্তিক অলৌকিকতা প্ৰদান কৰিব পাৰে।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

4 × 3 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.