অসমমনোৰঞ্জনসংগীতসংস্কৃতিসাহিত্য

নাজিৰাৰ এখন বিদ্যালয়ত পাঠদান চলিছে বিহুৰ, কঁকাল ঘূৰাই নাচিছে বিদ্যালয়খনৰ ছাত্ৰ-ছাত্ৰীয়ে

HSৰ পাঠ্যক্ৰমত ঐশ্চিক বিষয়ৰূপে অন্তৰ্ভুক্ত বিহু

নাজিৰাৰ এখন বিদ্যালয়ত আৱতৰীয়া বিহু। কঁকাল ঘূৰাই নাচিছে বিদ্যালয়খনৰ ছাত্ৰ-ছাত্ৰীয়ে। কিন্তু কিয়?

এয়া কোনো বিহুৰ কৰ্মশালা নহয়। লাকুৱা তান্তিয়া উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পাঠ্যক্ৰমত সংযোজিত হ’ল বিহু।
HSৰ পাঠ্যক্ৰমত ঐশ্চিক বিষয়ৰূপে অন্তৰ্ভুক্ত বিহু। তাৰেই পাঠদান চলিছে লাকুৱা তান্তিয়া উঃ মাঃ বিদ্যালয়ত।
বিহু-সুৰক্ষা সমিতিৰ দীৰ্ঘদিন আন্দোলনৰ পিছত একাদশ আৰু দ্বাদশ শ্ৰেণীৰ পাঠ্যক্ৰমত অন্তভুক্ত হ’ল বিহু। লাকুৱা তান্তিয়া উচ্চতৰ মাধ্যমিক বিদ্যালয়ত আৰম্ভ হৈছে এই পাঠ্যক্ৰম। বিহু নাচ, বিহু নাম, ঢোল-পেপাঁ-গগণা শিকোৱাৰ ব্যৱস্থা আছে এই পাঠ্যক্ৰমত।

বিহু সুৰক্ষা সমিতিৰ প্ৰায় দহ বছৰৰ আপ্ৰান চেষ্টাত অসমৰ লোকসংস্কৃতি বিহুক শুদ্ধকৈ পৰিৱেশন আৰু প্ৰদৰ্শন কৰিবলৈ একাদশ আৰু দ্বাদশ শ্ৰেণীত এই পাঠ্যক্ৰম অন্তভুক্ত কৰা হৈছে।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

4 + 3 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.