Socialঅসমদুৰ্ঘটনাদৈনিক বাতৰি

অটোৰিক্সাৰ ওপৰত বাগৰি পৰিল গছ: ১ জন নিহত, আহত ২ জন

কৰিমগঞ্জত মুষলধাৰ বৰষুণ অব্যাহত থকাৰ মাজতে বুধবাৰে এখন অটো-ৰিক্সাৰ ওপৰত গছ বাগৰি পৰাৰ ফলত এজন লোক নিহত হয় আৰু আন দুজন আহত হয়।

কৰিমগঞ্জত মুষলধাৰ বৰষুণ অব্যাহত থকাৰ মাজতে বুধবাৰে এখন অটো-ৰিক্সাৰ ওপৰত গছ বাগৰি পৰাৰ ফলত এজন লোক নিহত হয় আৰু আন দুজন আহত হয়।

এই ঘটনা কৰিমগঞ্জ অগ্নি নিৰ্বাপক সেৱা কেন্দ্ৰৰ ওচৰত সংঘটিত হয়।

মৃত ব্যক্তিজন অটোৰিক্সা চালক আজাহাৰ উদ্দিন বুলি চিনাক্ত কৰা হৈছে।

আনহাতে, অটোত যাত্ৰা কৰি থকা আঘাতপ্ৰাপ্ত লোকসকলক ততাতৈয়াকৈ চিকিৎসালয়লৈ লৈ যোৱা হয়।

“কৰিমগঞ্জৰ অগ্নি নিৰ্বাপক কেন্দ্ৰৰ ওচৰত এখন অটো-ৰিক্সাৰ ওপৰত গছ বাগৰি পৰাৰ ফলত চালকসহ তিনিজন লোক আহত হৈছে। আমি তেওঁলোকক লগে লগে চিকিৎসালয়লৈ লৈ গৈছিলো, কিন্তু অটোৰিক্সা চালকজন চিকিৎসালয়ত মৃত্যুবৰণ কৰে”, বিষয়াজনে কয়।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

1 + 15 =

Back to top button