
বনকৰা মহিলাৰ পৰা মন্ত্ৰীলৈ…যেন হিন্দী চিনেমাৰ কাহিনীহে । পশ্চিমবংগৰ নতুন মন্ত্ৰী কলিতা মাঝি এতিয়া চৰ্চাত। সোমবাৰে মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীৰ মন্ত্ৰী সভাত ৰাজ্যখনৰ মন্ত্ৰী হিচাপে কলিতা মাঝিয়ে শপত গ্ৰহণ কৰাৰ পাছৰে পৰা সকলোৰে মুখে মুখে কলিতা মাঝিৰ জীৱন সংগ্ৰামৰ নাটকীয় পট পৰিবৰ্তনৰ চৰ্চা । বন কৰা মহিলাৰ পৰা কেনেকৈ মন্ত্ৰী হ’ল কলিতা মাঝি?
একমাত্ৰ পুত্ৰক মানুহ কৰাৰ বাবে দিনে নিশাই কাম কৰিছিল কলিতা মাঝিয়ে । কিন্তু নিয়তিৰ বিধান । আজি কলিতা মাঝিয়ে নিৰ্ধাৰণ কৰিব পশ্মিম বংগৰ জনতাৰ ভাগ্য । কলিতাৰ স্বামী এজন সাধাৰণ মিস্ত্রী । পুত্ৰ পাৰ্থ উচ্চ মাধ্যমিক পৰীক্ষাত অৱতীৰ্ণ হৈছে । অৱশ্যে মানুহক সেৱা কৰাৰ অদম্য বাসনা পুহি ৰাখিছিল কলিতাই । ইয়াৰ বাবে বিজেপি সদস্য হৈছিল কলিতা ।
২০২১ ত আউছগ্ৰাম সমষ্টিত বিজেপিৰ প্ৰাৰ্থীও হৈছিল কলিতা মাঝি । কিন্তু নিৰ্বাচনত পৰাস্ত হৈছিল তেতিয়া । এইবাৰো কলিতাৰ ওপৰত আস্থা প্ৰকাশ কৰি টিকট দিয়া হৈছিল । আৰু বৃহৎ ভোটত জয়ীও হৈছিল কলিতা মাঝি । সাধাৰণ লোকৰ সৈতে থকা সম্পৰ্কৰ বাবে জয়ী হৈছিল কলিতা মাঝি । কলিতা মাঝিৰ এই উত্থানত সুখী আউছগ্ৰামৰ সাধাৰণ জনতা ।

