জীৱনশৈলীমনোৰঞ্জনস্বাস্থ্য

আজিৰ পৰা কণী খোৱাৰ পিছত বাকলিটো সাঁচি ৰাখক, কণীৰ বাকলিৰ আছে বহুকেইটা গুণ…

প্ৰটিনেৰে ভৰপুৰ এই কণী খোৱাৰ পাছত বেছিভাগ সময়েই কণীৰ বাকলি পেলাই দিয়া হয় ডাষ্টবিনত। কিন্তু কেৱল কণীয়েই নহয়, কণীৰ বাকলিৰো গুণাগুণ কম নহয়..

প্ৰায়ভাগ লোকে কণী খাবলৈ ভাল পায়। স্বাস্থ্যৰ বাবেও কণী অতি উপকাৰী। প্ৰটিনেৰে ভৰপুৰ এই কণী খোৱাৰ পাছত বেছিভাগ সময়েই কণীৰ বাকলি পেলাই দিয়া হয় ডাষ্টবিনত। কিন্তু কেৱল কণীয়েই নহয়, কণীৰ বাকলিৰো গুণাগুণ কম নহয়..

পাকঘৰৰ বেচিন জাম হৈ পৰিলে কণীৰ বাকলি গুড়ি কৰি বেচিনৰ চাৰিওদিশে চটিয়াই দিয়ক।  বেচিন পৰিষ্কাৰ হৈ পৰিব।

কণীৰ বাকলিত প্ৰচূৰ পৰিমাণে কেলচিয়াম আৰু মিনাৰেল থাকে। ই বাগানৰ মাটিৰ উৰ্বৰতা শক্তি বৃদ্ধি কৰাত সহায় কৰে।

১টা কণীৰ বগা অংশৰ সৈতে দুটা কণীৰ বাকলিৰ গুৰি মিশ্ৰিত কৰি মুখত ১৫ মিনিট লগাই  পিছত গৰম পানীৰে ধুই পেলালে মুখৰ উজ্জ্বলতা বাঢ়ে।

গাৰ  বিষ বা জইণ্ট পেইন কমাবলৈ এটা বাতিত এপল চাইডাৰ ভিনেগাৰৰ সৈতে এটা কণীৰ বাকলি গুড়ি কৰি মিশ্ৰণ কৰক।  দুদিন ৰাখি দিয়াৰ পিছত দেখিব কণীৰ বাকলিসমূহ ভিনেগাৰৰ সৈতে একেবাৰে মিলি গৈছে। এইবাৰ এই মিশ্ৰণটোৰে বিষ থকা ঠাইত মালিচ কৰক

গছৰ গুৰিত কণীৰ বাকলি গুড়ি চটিয়াই দিলে গছত পোকে নধৰে।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

seventeen − 7 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.