Socialঅপৰাধঅসমআঞ্চলিক

৫০০ টকা নিদিলে ভাইৰেল হ’ব ভিডিঅ’! ব্লেকমেইলিংৰ বলী হৈ আত্মহত্যা দশম শ্ৰেণীৰ ছাত্ৰীৰ

প্ৰেমেই হ’ল কাল! ব্লেকমেইলিংৰ বলী হৈ আত্মাহত্যা প্ৰেমিকা দশম শ্ৰেণীৰ ছাত্ৰীৰ। ঘটনাৰে জড়িত তিনিজনক আটক শুৱালকুছি আৰক্ষীৰ।

প্ৰেমেই হ’ল কাল! ব্লেকমেইলিংৰ বলী হৈ আত্মাহত্যা প্ৰেমিকা দশম শ্ৰেণীৰ ছাত্ৰীৰ। ঘটনাৰে জড়িত তিনিজনক আটক শুৱালকুছি আৰক্ষীৰ।

কামৰূপৰ শিলগুৰি ধাৰেশ্বৰ দেৱালয়ৰ পাহাৰৰ টিলাত সংঘটিত হৈছে শিহৰণকাৰী ঘটনা। প্ৰেমিক যুগলৰ অন্তৰংগ মুহূৰ্তৰ ভিডিঅ’ কৰি ভাইৰেল কৰাৰ ভাবুকিৰে ধন দাবী দুই যুৱকৰ। ঘটনাৰ পিছতেই আত্মহত্যা দশম শ্ৰেণীৰ ছাত্ৰী সোণালী ৰাভাৰ। শুৱালকুছি আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে প্ৰেমিক সহঃ তিনি যুৱকক। অৰ্জুন দাস (প্ৰেমিক), নিপেন দাস, ত্ৰিদিৱ মজুমদাৰক গ্ৰেপ্তাৰ। যোৱা ১২ জুলাইত সংঘটিত হৈছিল এই ঘটনা।

৪ দিন পূৰ্বে অৰ্জুন দাৰ সৈতে চিনাকি হৈছিল ছাত্ৰী গৰাকীৰ। তাৰ পিছতে কামৰূপৰ শিলগুৰি ধাৰেশ্বৰ দেৱালয়ৰ ওপৰত থকা পাহাৰৰ টিলাত প্ৰেমালাপ কৰি থকা অৱস্থাত গোপনে ভিডিঅ’ কৰি আছিল নিপেন দাস আৰু প্ৰদীপ মজুমদাৰ নামৰ দুই যুৱকে। প্ৰেমিক যুগলক অসংযত অৱস্থাৰ ভিডিঅ’ ভাইৰেল কৰাৰ ভাবুকিৰে ৫০০ টকা দাবী প্ৰেমিক যুগলক।

অৱশেষত প্ৰেমিক অৰ্জুন দাসে ৩১০ টকা দি দুই যুৱকৰ কৱলৰ পৰা হাৰ সাৰে। কিন্তু এই ঘটনাৰ পিছতেই ভয়তে আত্মহত্যা কৰে মেধাবী ছাত্ৰী সোণালী ৰাভাই। ১৯ দিনৰ পিছত শুৱালকুছি আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে প্ৰেমিক সহ তিনি যুৱকক। এই ভয়ংকৰ ঘটনাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে সমগ্ৰ অঞ্চলতে।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

five × five =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.