Socialঅসম

ল’ৰাৰ ইউনিফৰ্ম পিন্ধি অহাৰ বাবেই অঘটন, মহাবিদ্যালয়ৰ প্ৰৱেশদ্বাৰত ছাত্ৰীৰ চাৰ্টৰ কলাৰত খামুচি ধৰিলে ছাত্ৰ একতা সভাৰ সম্পাদকে!

ঘটনা সন্দৰ্ভত ছাত্ৰী গৰাকীয়ে মহাবিদ্যালয়খনৰ অধ্যক্ষক অভিযোগ কৰে যদিও ঘটনাটো এৰাই চলিবলৈ নিৰ্দেশ দি ছাত্ৰীগৰাকীক ছুৰিদাৰ পৰিধান কৰি আহিবলৈ কয় অধ্যক্ষ টিকেন চন্দ্ৰ দাসে।

পুনৰ ইউনিফৰ্ম বিতৰ্কত বাক্সাৰ বৰমা মহাবিদ্যালয়। ল’ৰাৰ ইউনিফৰ্ম পিন্ধাৰ বাবেই এগৰাকী ছাত্ৰীৰ শ্লীলতা হানিৰ চেষ্টা বৰমা মহাবিদ্যালয়ৰ ছাত্ৰ একতা সভাৰ। এই অভিযোগ তুলিছে ভুক্তভোগী ছাত্ৰী জুৰি দাসে। তৃতীয় ষাণ্মাসিকত অধ্যয়নৰত জুৰি দাসে ল’ৰাৰ দৰে ইউনিফৰ্ম পৰিধান কৰি মহাবিদ্যালয়লৈ অহাৰ বাবেই মহাবিদ্য়ালয়ত প্ৰৱেশত বাধা প্ৰদান কৰে ছাত্ৰ একতা সভাৰ সম্পাদকে।

অন্য দিনাৰ দৰেই ছাত্ৰীগৰাকীয়ে ল’ৰাৰ দৰে লংপেন্ট-চাৰ্ট পিন্ধি মহাবিদ্যালয়ত প্ৰৱেশ কৰাৰ সময়তে মহাবিদ্যালয়ৰ প্ৰৱেশদ্বাৰত উপস্থিত হৈ ছাত্ৰ একতা সভাৰ সম্পাদক চুৰাংসাৰ বড়োয়ে ছাত্ৰী গৰাকীৰ ইউনিফৰ্মৰ ওপৰত প্ৰশ্ন কৰি চাৰ্টৰ কলাৰত ধৰি মহাবিদ্যালয়ত প্ৰৱেশ কৰাত বাধা প্ৰদান কৰে। আনকি ছাত্ৰীৰ দৰে ইউনিফৰ্ম পিন্ধি নহালৈকে ছাত্ৰীগৰাকীক মহাবিদ্যালয়ত প্ৰৱেশ কৰাত বাধা প্ৰদান কৰে ছাত্ৰ একতা সভাই।

ঘটনা সন্দৰ্ভত ছাত্ৰী গৰাকীয়ে মহাবিদ্যালয়খনৰ অধ্যক্ষক অভিযোগ কৰে যদিও ঘটনাটো এৰাই চলিবলৈ নিৰ্দেশ দি ছাত্ৰীগৰাকীক ছুৰিদাৰ পৰিধান কৰি আহিবলৈ কয় অধ্যক্ষ টিকেন চন্দ্ৰ দাসে।

ঘটনা সন্দৰ্ভত ছাত্ৰ একতা সভাৰ সম্পাদক চুৰাংসাৰ বড়োই ছাত্ৰী গৰাকীৰ শ্লীলতা হানি কৰি মহাবিদ্যালয়ৰ পৰা উলিয়াই দিয়া বুলি কৰা অভিযোগ নস্যাৎ কৰি মহাবিদ্যালয়ৰ শৈক্ষিক পৰিবেশ অটুত ৰখাৰ স্বাৰ্থত ছাত্ৰী গৰাকীক ছাত্ৰৰ ইউনিফৰ্ম পৰিধান কৰাৰ পৰা বিৰত থাকিবলৈ আহ্বান জনোৱা বুলি মন্তব্য কৰে ছাত্ৰ একতা সভাৰ সম্পাদকজনে।

এতিয়া প্ৰশ্ন হয়, কোনে ন্যায় দিব বৰমা মহাবিদ্যালয়ৰ ছাত্ৰী জুৰি দাসক? অপদস্থ হৈও অসহায় আজি জুৰি। ল’ৰাৰ ইউনিফৰ্ম পৰিধান কৰাৰ বাবে চৰম হাৰাশাস্তি‌ কৰা ছাত্ৰ একতা সভাৰ সম্পাদক গৰাকীৰ বিৰুদ্ধে কোনে ব্যৱস্থা গ্ৰহণ কৰিব সেয়া পৰৱৰ্তী সময়ত লক্ষণীয় হ’ব।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

13 − three =

Back to top button